অসম লাইভ২৪ঃ জাপানৰ কেইবাটাও উপকূলীয় এলেকাত সোমবাৰে ছুনামীৰ প্ৰকোপ দেখা গৈছে। জাপানৰ স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি উপকূল সংলগ্ন একাধিক চহৰত চুনামী দেখা গৈছে। পাঁচ মিটাৰ পৰ্যন্ত উঠিছে সাগৰৰ ঢৌ। জাপানৰ স্থানীয় সময়মতে বিয়লি ৪ বাজি ৬ মিনিটৰ পৰা ৫ বাজি ৩০ মিনিট পৰ্যন্ত প্ৰায় ১ ঘণ্টা ৩০ মিনিট সময় ধৰি মুঠ ২০ বাৰ ভূমিকম্প আহিছে জাপানত। প্ৰতিক্ষেত্ৰত ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৪বা তাতোকৈয়ো বেছি। সোমবাৰে জাপানৰ পশ্চিম উপকূলত তীব্ৰ এট ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছিল। ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ প্ৰাবল্য আছিল প্ৰায় ৭.৫। প্ৰত্যক্ষদৰ্শীৰ দাবী যে অন্তত ৩০ ছেকেণ্ড ধৰি এই ভূমিকম্পৰ কম্পন অনুভূত হৈয়েই আছিল।
এই ভূঁইকঁপৰ পাছতেই দেশখনৰ উত্তৰ-পশ্চিম উপকূলত চুনামীৰ সতৰ্কতা জাৰি কৰিছে জাপানৰ মৌছম ভৱনে। জাপানৰ পৰিস্থিতিৰ দিশলৈ লক্ষ্য ৰাশি ৰাছিয়াৰ পূব উপকূলৰো কিছু কিছু এলেকাত ছুনামীৰ সতৰ্কতা জাৰি কৰিছে দেশৰ প্ৰশাসনে। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰামতে, ভ্লাদিভচতক আৰু নাখোদকা চহৰত ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে। ৰাছিয়াৰ ছাখালিন দ্বীপৰ পৰা ইতিমধ্যে বাসিন্দাসকলক আঁতৰাই লৈ যোৱা হৈছে। জাপানত অহা ছুনামীৰ বাবে দক্ষিণ কোৰিয়াতো বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। ভূমিকম্পৰ ফলত জাপানৰ ইছিকাওৱা প্ৰদেশত একাধিক ঘৰো ভাঙি পৰাৰ তথ্য প্ৰকাশ কৰিছে ৰয়টাৰ্ছে। ইছিকাওৱা প্ৰদেশতেই সৰ্বাধিক প্রভাৱ পৰিছে এই ভুঁইকঁপৰ। এই বৰভূঁইকপঁত থৰথৰকৈ কঁপি উঠিছিল ৰেল ষ্টেচন ঘৰদুৱাৰ সকলো।
জাপানৰ প্রধানমন্ত্ৰী ফুমিয়ো কিছিদাই দেশবাসীক সতৰ্ক কৰাৰ ওপৰিও একাধিক পদক্ষেপো গ্ৰহণ কৰিছে। এক বিবৃত্তিমতে ছুনামীৰ বাবেই নিৰ্দিষ্ট সময়ৰ অন্তৰালত সঠিক তথ্য সাধাৰণ মানুহৰ কাষলৈ পঠিয়াই দিয়া হ’ব। সমুদ্ৰ সংলগ্ন এলেকাৰ বাসিন্দাসকলক দ্ৰুততৰভাৱে আঁতৰাই নিয়া হৈছে। ক্ষয়ক্ষতি প্ৰতিৰোধৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে। মানুহৰ প্ৰাণৰক্ষাকেই সৰ্বাধিক অগ্ৰাধিকাৰ দিছে জাপান চৰকাৰে। জাপানৰ ছুনামী আৰু ভূমিকম্পৰ ফলত কিমান ক্ষয়ক্ষতি হৈছে বৰ্তমান পৰ্যন্ত সেইকথা নিশ্চিতভাৱে জানিব পৰা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ