বেয়া বতৰৰ মাজতে দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল অসম, শংকাই বিৰাজ কৰিছে চাৰিওফালে
আজি ৩ জানুৱাৰী তাৰিখ শুকুৰবাৰে পুৱাই ৰাজ্যত অনুভুত হয় দুটাকৈ ভূমিকম্পৰ। সমগ্ৰ ৰাজ্য জোকাৰি যায় এই ভূমিকম্পই।
বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জানিব পৰা অনুসৰি তাৰেই এটাৰ অভিকেন্দ্ৰ অসম। লগতে ৪.১ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ আছিল এই ভূঁকম্পন।
ইয়াৰ অভিকেন্দ্ৰ কাৰ্বি আংল জিলাৰ মাঞ্জাৰ পৰা ১০ কিলোমিটাৰ আঁতৰৰ ঠাই বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, পুৱা ১০.০৩ মিনিটত অসমত ৪.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প অনুভূত কম্পন। আৰু ম্যানমাৰত পুৱা ১০.২ বজাত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়।
দুয়োটা ভুমিকম্পই অনুভুত হয় অসমত। যাৰ বাবে এতিয়া গভীৰ শংকাত জনতা। তাতে আৰু মেধে ঢাকি ৰখা বতৰ চাই সকলোৱে শংকা কৰিছে আৰু অধিক প্ৰাবল্যৰ ভূমিকম্প আহিব নেকি!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ