অসম লাইভ২৪ঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়ালৈ শেষ হ’ব? শেষ হোৱাৰ নামেই লোৱা নাই এই যুদ্ধই। আনহাতে ৰাছিয়াই সম্পূৰ্ণৰূপে ইউক্ৰেইনক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে যদিও হাৰ মনা নাই ইউক্ৰেইনে। এই যুদ্ধত বহু সেনাৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু ঘটিছে। এই সকলোবোৰৰ মাজতেই যুদ্ধত নিয়োজিত দুয়োখন দেশৰ সেনাই পাহৰি পেলাইছে পৰিয়াল ঘৰ সকলোবোৰ।
এজন ইউক্ৰেনীয়ান সেনাই তেওঁৰ পত্নীক লগ কৰাৰ দৃশ্যই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। দেশতেই আছে যদিও যুদ্ধৰ বাবেই গৰ্ভৱতী পত্নীক লগ কৰিব পৰা নাছিল ইউক্ৰেনিয়ান সেনাজনে। ৭ মাহৰ অন্তত গৰ্ভৱতী পত্নীক সন্মুখত দেখি আৱেগত চকুলো নিগৰিছে সেনা জোৱানজনৰ।
ভাইৰেল ভিডিঅ’টোত এগৰাকী মহিলাই তেওঁৰ সৈনিক স্বামীক লগ কৰিবলৈ গৈছে। গৰ্ভৱতী মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা দেখিয়েই প্ৰসৱৰ সময় নিচেই কাষত বুলি অনুধাৱন কৰিব পাৰি। প্ৰায় ৩০ সপ্তাহৰ পাছত স্বামীক লগ পাইছে মহিলাগৰাকীয়ে। সৈনিক স্বামীক কাষত দেখিয়েই কান্দোনত ভাঙি পৰিছে মহিলাগৰাকী। গভীৰ আৱেগেৰে এজনে আনজনক সাবটি ধৰিছে। সৈনিক গৰাকীৰ দুচকুত দেখা গৈছে যুদ্ধ বিভিষিকাৰ ছবি।
বাঢ়ি অহা চুলি-দাড়ি দেখিয়েই অনুধাৱন কৰিব পাৰি কি পৰিস্থিতিত দেশৰ বাবে তেওঁলোকে প্ৰতিনিয়ত যুঁজি আছে। ভিডিঅ’টোৰ শেষ অংশত সৈনিকজনে তেওঁৰ গৰ্ভৱতী পত্নীৰ পেটত আঁকি দিছে চুমা। হয়তো এয়াই হ’ব পাৰে পত্নীৰ সৈতে শেষ দেখা, যুদ্ধৰ কথাবোৰ মুহূৰ্ততেই সলনি হয়। সৈনিকে একোজনেও যুদ্ধত নমাৰ পূৰ্বেই দেশৰ বাবেই এই জীৱন বুলি সাঁজুও হয়। তাৰমাজতো সন্তান, প্ৰেয়সী, পত্নী সকলোবোৰক বাদ দিব পৰাকৈ কোনো সাহসীও নহয়। ভিডিঅটো দেখা মাত্ৰকেই বহুজনে ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধৰ সমাপ্তি বিচৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ