অসম লাইভ ২৪ঃ দেশৰ ৰাজহুৱা খণ্ডৰ ৩টাকৈ তৈল প্ৰতিষ্ঠান- তেল আৰু প্ৰাকৃতিক গেছ নিগম, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডক এক ৰাজহুৱা জাননীযোগে সকীয়নি প্ৰদান কৰিছে আলফা (স্বঃ)এ।
অসম ভূমিত ব্যৱসায় চলাই যাবলৈ তৈল প্ৰতিষ্ঠান ৩টাক আলফা(স্বাঃ)এ ৭টাকৈ চর্ত বান্ধি দিছে। আলফা (স্বাঃ)ৰ ৭টা চর্ত এনে ধৰণৰ-
১। জন্মলগ্নৰে পৰা এই প্ৰতিষ্ঠানকেইটাই অসমৰ সম্পদ কিমান নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰক।
২। এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।
৩। এই প্ৰতিষ্ঠানকেইটাৰ চাকৰিত মকৰলৰ বাবে সকলো ধৰণৰ যোগ্যতা নির্ণয়কাৰী পৰীক্ষা অসমতে অনুষ্ঠিত কৰক। চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি মানুহৰ বাবেই সংৰক্ষিত থাকিব লাগিব।
৪। ওপৰোক্ত প্ৰতিষ্ঠানকেইটাৰ চাকৰিত নিয়োগৰ ক্ষেত্ৰত এক অসাধু গোষ্ঠী (ইয়াত থলগিৰি মানুহো জড়িত আছে)য়ে ক’লা বজাৰ চলাই আছে। য’ত একো একোটা চতুর্থ বর্গৰ চাকৰিৰ বাবে ২৫ৰ পৰা ৩০ লাখ টকা উৎকোচ লোৱা হয়। ৮০ শতাংশতকৈ ওপৰত চাকৰিত নিয়োগ অনৈতিক পথেৰে চলি আছে। গতিকে এই অসাধু গোষ্ঠীক উৎখাত কৰি চাকৰিত নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰক।
৫। ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।
৬। অসমৰ গাঁওসমূহলৈ পাইপযোগে ঘৰে ঘৰে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাটো শুনিশ্চিত কৰক।
৭। উল্লেখিত প্ৰতিষ্ঠানকেইটাই অসমৰ বিভিন্ন দল-সংগঠনক উৎসৱ-পার্বণ আয়োজন কৰিবলৈ দান-বৰঙণি আগবঢ়োৱাৰ পৰিৱর্তে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুর্যোগত পতিত আর্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষভাৱে বছৰি ৫ কোটি টকাকৈ আগবঢ়াব লাগিব।
এই ৭টা চর্ত বান্ধি দি জাননী খনত প্ৰকাশ কৰা হৈছে- ‘তেল আৰু প্ৰাকৃতিক গেছ, ভাৰতীয় তৈল নিগম আৰু অইল ইণ্ডিয়া লিমিটেডে অনাগত দিনত ওপৰোক্ত বিষয়কেইটা মানি চলিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰক। আমাৰ ওপৰোক্ত চর্তসমূহ উল্লেখিত প্ৰতিষ্ঠানকেইটাই মানি চলিলে প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে আমি অনাগত দিনত অনির্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিম, অন্যথা থলগিৰিৰ সহযোগত সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব।’ এই ৰাজহুৱা পত্ৰখনৰ স্বাক্ষৰকাৰী সশস্ত্ৰ সংগঠনটোৰ উপ-সভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ অসম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ