গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ প্ৰণামী বাকচৰ ধন গণনা ২১ জানুৱাৰীৰ পৰা চলি আছে। ২২ জানুৱাৰীত প্ৰণামীৰ বাকচত টকা-পইচাৰ লগতে ওলাল সোণ। এটা মাণিবেগৰ ভিতৰত ওলাল সোণ। এতোলা, দুতোলা নহয়, ৪০ তোলা সোণ ওলাল প্ৰণামীৰ বাকচত। পিছে গাণনিক আৰু থান পৰিচালনা সমিতিৰ সন্দেহ হ’ল এয়া আচল নে নকল সোণ? আৰম্ভ হ’ল পৰীক্ষণ।

অৱশেষত পৰিচালনা সমিতি নিশ্চিত হ’ল এয়া প্ৰকৃত সোণ বুলি। ৰাজহুৱা কৰিলে প্ৰণামীৰ বাকচত ৪০তোলা সোণ প্ৰাপ্তিৰ কথা। পিছে কোনে থানলৈ আগবঢ়ালে এই সোণখিনি? সেয়া ৰহস্য হৈ আছে। কোনো অজ্ঞাত লোকে গুৰুজনাৰ থানৰ কামত ব্যৱহাৰৰ বাবে আগবঢ়াইছে ৪০ তোলা সোণ। প্ৰণামীৰ বাকচত সোণ ভৰাই থৈ যোৱা ব্যক্তিজনে নিবিচাৰে তেওঁৰ নাম প্ৰকাশ হোৱাটো।

গুৰুজনাৰ কোনো ভক্তই বটদ্ৰৱা থানলৈ বুলি সোণখিনি আগবঢ়াই পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ জ্ঞাতাৰ্থে এখন কাগজত এনেদৰে লিখি থৈ যায়- মাননীয় সভাপতি/সম্পাদক, বৰদোৱা থান, মহাশয়, ইয়াত থকা ৪০ তোলা সোণেৰে থানৰ মূল আসনৰ চাৰিটা খুটাত দহ তোলাকৈ বন্ধাই দিলে পৰম সুখ পাম। সেৱাৰে থানৰ এজন একান্ত সেৱক। বটদ্ৰৱা থানৰ ধন গণনাকাৰ্য্যত সেৱা আগবঢ়োৱা পৰিচালনা সমিতিৰ সদস্য আৰু ভকত-বৈষ্ণৱসকলে সোণ দান কৰা ভক্তজনৰ কুশল-মঙ্গল কামনা কৰিছে।

নগাঁৱৰ পৰা বিশ্বজিৎ দাস, অসম লাইভ ২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















