সময় ২০০৮ চন। তেতিয়া বিপাশা আৰু জন আব্ৰাহামৰ প্ৰেমৰ সম্পৰ্ক চৰ্চাত আছিল। ঠিক সেই সময়তে বলীউডত জন আব্ৰাহামে বিপাশাক এৰি কেটৰিনাৰ প্ৰেমত পৰিছে বুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। আনহাতে চলমানৰ পৰা আঁতৰি যোৱাৰ পিছত কেটৰিনাৰ নতুন প্ৰেমৰ বাবে আগ্ৰহ বাঢ়িছিল। ‘নিউয়ৰ্ক’ ছবিখনৰ শ্বুটিংৰ সময়ত জন আৰু কেটৰিনাৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হৈছিল।
যেতিয়া কেট আৰু জনৰ প্ৰেমৰ উৰাবাতৰিবোৰ অন্য এক স্থানত উপনীত হৈছিল। সেই সময়ত বিপাশা বসুৱে কৰণৰ সৈতে সাক্ষাতকাৰত অংশগ্ৰহণ কৰিছিল। কৰণৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া জন আৰু কেটৰিনাৰ প্ৰেমৰ বিষয়টো আহিল, তেতিয়া বিপাশাই ক’লে, “কেটৰিনা মোৰ বাবে জুনিয়ৰ। মই মাত্ৰ জুনিয়ৰসকলক অভিনন্দন জনাব বিচাৰো। মোৰ আৰু বেছি ক’বলগীয়া নাই। কেটৰিনাই যিয়েই নকৰক কিয়, হয়তো ভালেই কৰিছে। মই যি কৰিছো সেয়া মোৰ বাবে ভাল।” সেইদিনা বিপাশাই জনৰ বিষয়টো এৰাই চলিছিল। অৱশ্যে বিপাশাই স্পষ্টকৈ ক’লে যে কেটৰিনাক তেওঁ বৰ ভাল নাপায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















