অসম লাইভ২৪ঃ উৰ্ফী জাভেদ মানে সকলো সময়তে নতুন ফেশ্বন। কেতিয়াবা যদি মুখত জিলিকি থকা বল। কেতিয়াবা কাঁচ থকা কাপোৰ। দেওবাৰে পুৱা উৰ্ফীৰ গাত দেখা গ’ল ব্যতিক্ৰমী সাজ। দূৰৰ পৰা নিৰীক্ষণ কৰিলে হয়তো আপুনিও ভাৱিব এইয়ানো ফেশ্বননে? সাধাৰণ স্কাৰ্ট টপৰ কথাও চৰ্চা হয়নে? কিন্তু কাষৰ পৰা চালে আপুনিও ক’বলৈ বাধ্য হ’ব ৱাহ এইয়াতো আমি ফেশ্বন হ’ব পাৰে বুলি ভৱাই নাছিলো।
পাতল বগা ৰঙৰ টি চাৰ্টটো বাৰু ঠিকেই আছে। কিন্তু তাৰ সৈতে পিন্ধা স্কাৰ্টটো ডিজাইন কৰা হৈছে পৃথক ধৰণে। বিভিন্ন ৰঙৰ ঘড়ীৰে ডিজাইন কৰা হৈছে স্কাৰ্টটো। খোজৰ সৈতে পিন্ধি থকা ঘড়ীৰ স্কাৰ্টৰ পৰা হোৱা শব্দই উভতি চাবলৈ বাধ্য কৰাইছে সকলো বাটৰুৱাকেই।
পূজাৰ বতৰত উৰ্ফীৰ ব্যতিক্ৰমী সাজ-সজ্জা দেখি একাংশ নেটিজেনে কৈছে, পূজা উৰ্ফীৰো বাৰুৈয়ে লাগিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ