শ্বুটিঙৰ সময়তে বেয়াকৈ আঘাতপ্ৰাপ্ত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী, হাস্পতালত ভৰ্তি
শ্বুটিং চলি থাকোতে এক দৃশ্যাংশৰ দৃশ্যগ্ৰহণত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। খবৰ অনুসৰি আঘাত গুৰুতৰ অভিনেত্ৰীগৰাকীৰ। বৰ্তমানে হাস্পতালত চিকিৎসাধীন অৱস্থাত অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকী হৈছে উৰ্ৱশী ৰাউটেলা।
উৰ্বশী ৰাউটেলাই কেৱল ছবিৰ বাবেই নহয় ব্যক্তিগত জীৱনৰ বাবেও বহু শিৰোনাম দখল কৰে। অনুৰাগীৰ সৈতে নিজৰ সৈতে জড়িত তথ্য শ্বেয়াৰ কৰে। এতিয়া শেহতীয়াকৈ হায়দৰাবাদত ছবিএখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ অভিনেত্ৰীগৰাকী চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ আহিছে।
নন্দমুৰি বালকৃষ্ণৰ তেলেগু ছবি ‘এনবিকে ১০৯’ত দেখা যাব অভিনেত্ৰী উৰ্বশী ৰাউটেলাক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হায়দৰাবাদত ছবিখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ছবিখনত ববি দেউলেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

উৰ্বশীৰ দলে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে অভিনেত্ৰীগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। এতিয়া তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁক সৰ্বোত্তম চিকিৎসা প্ৰদান কৰা হৈছে। উৰ্ভাশীৰ দলটোৱে আৰু প্ৰকাশ কৰে যে এক্সন দৃশ্য শ্বুটিং কৰাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে আঘাত পায়।
উৰ্বশী শেহতীয়াকৈ হায়দৰাবাদলৈ ৰাওনা হৈছিল ‘এনবিকে ১০৯’ৰ তৃতীয় সূচীৰ শ্বুটিঙৰ বাবে। উৰ্বশীৰ স্বাস্থ্য আপডেটৰ লগতে দুৰ্ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে। কিয়নো বৰ্তমানলৈ উৰ্বশীয়ে চিকিৎসালয়ৰ কোনো ছবি বা ভিডিঅ’ শ্বেয়াৰ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















