• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

2 months ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

26 minutes ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

1 hour ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

13 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

14 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

14 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

15 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

16 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

17 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

18 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

18 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

20 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

আমেৰিকাই বান্ধি দিয়া চৰ্তমতে চুক্তি নহ'লে সমগ্ৰ মধ্য-প্ৰাচ্যকে অধিকাৰৰ হুংকাৰ ট্ৰাম্পৰ

editor by editor
June 15, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুদীৰ্ঘ ৩ মাহ সময় সংহাৰ চলৱো আক্ৰমণ-প্ৰত্যাক্ৰমণ সামৰি এতিয়া শান্তি চুক্তিৰ দিশে আগবাঢ়িছে আমেৰিকা-ইৰান। আমেৰিকা আৰু ইৰানে দেওবাৰে যুদ্ধৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে এক শান্তি চুক্তিত উপনীত হোৱা বুলি ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এই কথা সদৰী কৰিছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইৰানেও এক বিবৃতিত এই সন্দৰ্ভত কৈছে যে-কেইবামাহ ধৰি চলা দীঘলীয়া আৰু জটিল আলোচনাৰ অন্তত দুয়োখন দেশে এক বুজাবুজি চুক্তিৰ চূড়ান্ত ৰূপ দিছে। দুয়োখন দেশে দেওবাৰে কৰা আলোচনাৰ অন্তত এইটো স্পষ্ট হৈছে যে অচিৰেই দুয়োখন দেশৰ প্ৰতিনিধিয়ে এক শান্তি চুক্তিত স্বাক্ষৰ কৰিব। ছুইজাৰলেণ্ডৰ জেনেভাত ১৯ জুনত স্বাক্ষৰ কৰিবলগীয়া চুক্তিৰ মূল কথাটো হৈছে যে এই চুক্তিৰ অধীনত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা হ’ব। ইয়াৰ লগতে ইৰানী বন্দৰসমূহত আৰোপ কৰা আমেৰিকাৰ নৌ-অৱৰোধ তৎক্ষণাত উঠাই লোৱাৰ অনুমোদনো দিয়া হৈছে। জেনেভাত এই শান্তি চুক্তি স্বাক্ষৰৰ লগে লগেই বিগত ৪৭ বছৰৰ ভিতৰত তেহৰান আৰু ৱাশ্বিংটনৰ মাজত সৰ্বোচ্চ পৰ্যায়ৰ প্ৰথম বৈঠক হিচাপে ৰচনা হ’ব এক ইতিহাস।

স্বাক্ষৰৰ পূৰ্বে ইৰানৰ কি কি চৰ্ত?

আমেৰিকা-ইৰান চুক্তিৰ ভিতৰত কি আছে সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও ইৰানী সংবাদ মাধ্যমত সম্প্ৰচাৰিত খবৰ অনুসৰি এই চুক্তিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ ভিতৰত আছে—যুদ্ধ আৰু সামৰিক অভিযান বন্ধ কৰা, হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা, আমেৰিকাৰ নৌ-অৱৰোধ উঠাই লোৱা, ইৰানৰ কিছু জব্দ কৰা ধন মুক্ত কৰা, পাৰমাণৱিক কাৰ্যসূচী আৰু নিষেধাজ্ঞা সম্পৰ্কে আগন্তুক ৬০ দিনৰ আলোচনা-প্ৰক্ৰিয়াৰ ৰূপৰেখা নিৰ্ধাৰণ কৰা। ইৰানৰ উপ-পৰৰাষ্ট্ৰ মন্ত্ৰী কাজেম গৰীবাবাদীয়ে সদৰী কৰা অনুসৰি MoU-ত স্বাক্ষৰৰ পিছত আৰম্ভ হ’বলগীয়া ৬০ দিনীয়া আলোচনাৰ সফলতা নিৰ্ভৰ কৰিব আমেৰিকাই আগতে দিয়া তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰে নে নকৰে তাৰ ওপৰত। গৰীবাবাদীৰ মতে, আমেৰিকাই নৌ-অৱৰোধ সম্পূৰ্ণৰূপে উঠাই ল’ব লাগিব, যুদ্ধ আৰু সকলো সামৰিক অভিযান বন্ধ কৰিব লাগিব, ইৰানৰ জব্দ কৰা ধন মুক্ত কৰিব লাগিব। প্ৰাপ্ত খবৰ অনুসৰি ১৯ জুনৰ জেনেভাৰ স্বাক্ষৰ অনুষ্ঠানত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উপস্থিতিৰ সম্ভাৱনা আছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ মতে যদি ইৰানে চুক্তিৰ চৰ্তসমূহ মানি চলে, তেন্তে এই চুক্তিয়ে আগন্তুক ৫০ বছৰৰ বাবে মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক পৰিস্থিতি সলনি কৰি দিব পাৰে।

১৪ দফীয়া এই শান্তি চুক্তিৰ মূল বিষয় বা চৰ্তসমূহ

ইৰানী চৰকাৰী সংবাদ মাধ্যম ‘মেহৰ নিউজ’ৰ মতে, শান্তি চুক্তিৰ খচৰাখনত ১৪টা মুখ্য বিষয় অন্তৰ্ভুক্ত আছে। অৱশ্যে হোৱাইট হাউছে এতিয়ালৈকে ইয়াৰ বিষয়ে আনুষ্ঠানিক মন্তব্য কৰা নাই। ইৰানী সংবাদ মাধ্যম অনুসৰি চুক্তিৰ মূল চৰ্তসমূহ এনেধৰণ ইৰান, লেবানন আৰু অন্যান্য সকলো ক্ষেত্ৰত যুদ্ধ তাৎক্ষণিকভাৱে বন্ধ হ’ব লাগিব। আমেৰিকা আৰু ইজৰাইলে পুনৰ কোনো নতুন যুদ্ধ আৰম্ভ নকৰাৰ নিশ্চয়তা দিব লাগি। আমেৰিকাই ইজৰাইলৰ পক্ষৰেও নিৰাপত্তাৰ গেৰাণ্টি দিব লাগিব। হৰমুজ প্ৰণালীৰ পৰা নৌ-অৱৰোধ উঠাই লোৱাৰ নিশ্চয়তা। ইৰানী জাহাজ আৰু সামুদ্ৰিক বাণিজ্যৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব লাগিব। ৩০ দিনৰ ভিতৰত সামুদ্ৰিক বাণিজ্য স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব লাগিব। হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা হ’ব। ইৰানৰ বিলিয়ন ডলাৰৰ জব্দ কৰা ধন মুক্ত কৰিব লাগিব। প্ৰথম পৰ্যায়ত সেই ধনৰ অতি কমেও আধা অংশ মুকলি কৰিব লাগিব। ইৰানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব লাগিব। প্ৰাথমিক আৰু গৌণ দুয়ো ধৰণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়ে আলোচনা চলিব লাগিব। আমেৰিকাই ৩০ দিনৰ ভিতৰত ইৰানৰ চৌপাশৰ অঞ্চলত থকা সামৰিক উপস্থিতি হ্ৰাস কৰিব লাগিব। ইয়াৰ লগে লগে আমেৰিকাই দিয়া দুটা মুখ্য চৰ্তৰ ভিতৰত হৈছে ইৰানে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিব লাগিব আৰু ৬০% সমৃদ্ধ ইউৰেনিয়ামৰ বিষয়ত আগবঢ়া আলোচনা চলিব লাগিব।

চুক্তি সন্দৰ্ভত কি মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ?

ট্ৰাম্পে কৈছে যে যুদ্ধ বন্ধ কৰাৰ বাবে চুক্তি হ’লেও আচল পৰীক্ষা এতিয়াও বাকী আছে। তেওঁৰ মতে, আগন্তুক সময়ত ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী সম্পৰ্কে এনে এক চুক্তি হ’ব লাগিব যাৰ দ্বাৰা আমেৰিকা সন্তুষ্ট হয়। অন্যথা, আমেৰিকাই পুনৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে এনে পৰিস্থিতিত ল’ব পৰা দুটা সম্ভাৱ্য কঠোৰ ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় প্ৰথমটো হ’ল ইৰানৰ বিৰুদ্ধে পুনৰ সামৰিক অভিযান আৰম্ভ কৰা আৰু দ্বিতীয়টো হ’ল আমেৰিকাই ‘মধ্যপ্ৰাচ্যৰ ৰক্ষক’ৰ ভূমিকা গ্ৰহণ কৰা। ইয়াৰ বিনিময়ত মধ্যপ্ৰাচ্যৰ আয়ৰ ২০% অংশ লাভ কৰাৰ কথাও ট্ৰাম্পে উল্লেখ কৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24D0onald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
Next Post
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.