প্ৰকাশ চূড়ান্ত তালিকা, আমেৰিকাৰ পৰা আহিব ৪৮৭ অবৈধ ভাৰতীয় প্ৰবাসী
ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে শুকুৰবাৰে কয় যে আমেৰিকাই ভাৰতক অৱগত কৰিছে যে, আমেৰিকাৰ ফালৰ পৰা চূড়ান্ত কৰা হৈছে অবৈধ ভাৰতীয় প্ৰবাসীৰ তালিকা। দেশ খনৰ পৰা বৰ্তমানে অনুমানিক ৪৮৭ জন ভাৰতীয় নাগৰিকক আঁতৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। যি বিষয়ে ভাৰতক অৱগতো কৰা হৈছে।
বৈদেশিক সচিবগৰাকীয়ে এক সংবাদ মেলৰ জৰিয়তে সদৰি কৰে এই বিষয়ে। লগতে ইয়াকো কয় যে, ভাৰত চৰকাৰে অবৈধ অনুপ্রৱেশকাৰী বুলি ধৰা পৰা ভাৰতীয়সকলক নিৰাপদে ঘূৰি অহাৰ সুবিধাৰ বাবে ট্রাম্প প্রশাসনৰ সৈতে যোগাযোগত আছে৷
বিতাড়িত লোকৰ লগত দুৰ্ব্যৱহাৰৰ অভিযোগ সন্দৰ্ভত মিশ্ৰীয়ে ইয়াক “বৈধ চিন্তা” বুলি অভিহিত কৰি কয় যে ভাৰত চৰকাৰে এই বিষয়টো আমেৰিকা কৰ্তৃপক্ষৰ আগত উত্থাপন কৰিব।
ইফালে, শুকুৰবাৰে নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ে ঘোষণা কৰে যে অহা সপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ