পাকঘৰতে আছে নিমখ, আনক আৰু ব্যৱহাৰ কৰি লাভ কৰক মনোমোহা ছাল
ছালৰ বিভিন্ন সমস্যা, যি কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে, তেন্তে কৰে কি। উপায় পাকঘৰৰ সামগ্ৰী। অতি কম মূল্যৰ সামগ্ৰীৰে লাভ কৰক এক সুস্থ সবল ছাল।
ইয়াৰ বাবে আপোনাক প্ৰয়োজন কেৱল নিমখৰ। পাকঘৰত সততে থকা নিমখেই কৰিব আপোনাৰ ছালৰ যতন। নিমখে বিশেষকৈ ছালৰ পৰা টষ্কিন শুহি লোৱাত সহায় কৰে। শালমইনা হোৱাৰ প্ৰধান কাৰণ হৈছে বেক্টেৰিয়া। সেইবাবে নিমখে এনে ধৰণৰ বেক্টেৰিয়া নাশ কৰাত সহায় কৰে।
নিমখে ছালখনক স্কাৱ কৰাত সহায় কৰে। নোম ছিদ্ৰসমূহৰ পৰা লেতেৰা গভীৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে। তেজ চলাচল সুন্দৰভাৱে হয়। ছালৰ পৰা অতিৰিক্ত তেল শুহি লোৱাত সহায় কৰে।
সচেতন ছালৰ বাবে ই উত্তম ক্লিনিজাৰ। নিমখে আমাৰ মাংস পেশীবোৰ সবল কৰে। সাগৰীয় নিমখত ছডিয়াম, মেগনেছিয়াম, পটাচিয়াম আৰু কেলচিয়াম থাকে। নিমখ ব্যৱহাৰৰ পাছত আৰাম অনুভৱ কৰিব পাৰি।
পাছে কিদৰে ব্যৱহাৰ কৰিব নিমখ-
এচামুচ নিমখৰ লগত প্ৰয়োজন অনুসৰি মৌ মিহলাই মুখত ডিঙিত আৰু হাতত লগাই লাহে লাহে ঘঁহি দিব। তেনে কৰিলে নিস্তেজ ছালত ই তেজ চলাচল ভাল কৰি ছালৰ উজ্জ্বলতা বঢ়াত সহায় কৰে।
মৃত কোষ পৰিষ্কাৰ কৰে। ছালত চেবাম উৎপাদনত সমতা ৰক্ষা কৰে। ফলত নিয়মিত ব্যৱহাৰ কৰিলে অতিৰিক্ত তেল ওলোৱাত বাধা দিয়ে আৰু ছালৰ মসৃণতা বঢ়ায়।
যদি আপোনাৰ ছালখন খুব মিহি হয়, তেন্তে এখন সূতাৰ কাপোৰত নিমখ বান্ধি টোপোলা কৰি ছালত ঘঁহি ঘঁহি দিব। লাহে লাহে ঘূৰাই ঘূৰাই ঘঁহিব। পাছত ঠাণ্ডা পানীতেই দুই দিব।
কিন্তু কোনোদিনে ছালত অকল নিমখ ব্যৱহাৰ নকৰিব। সদায় তেল, ক্ৰীম বা অন্য সামগ্ৰীৰ লগত মিহলাহে লগাব। তেতিয়াহে সুফল লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















