অসম লাইভ২৪ঃ গুৰুতৰভাৱে আহত অৱস্থাত এগৰাকী নাবালিকাক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। চিকিৎসকে নাবালিকাগৰাকীৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলা বুলি প্ৰকাশ কৰিছে। শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন পোৱা গৈছে। ১১ বছৰীয়া নাৱালিকাগৰাকীৰ গুপ্তাংগত উদ্ধাৰ হৈছে কাঠৰ টুকুৰা। নাৱালিকাগৰাকীক চিকিৎসালয়লৈ লৈ আনিছিল এগৰাকী মহিলাই। মহিলাগৰাকীয়ে চিকিৎসকক কৈছিল যে ভায়েকৰ সৈতে কৰা কাজিয়াতেই আঘাত পাইছে নাবালিকাই।
কিন্তু চিকিৎসকে পৰীক্ষাৰ অন্তত আৰক্ষীলৈকো প্ৰতিবেদন পঠিওৱাৰ পিছতেই আৰম্ভ হৈছে তদন্ত। এয়া সাধাৰণ আঘাত নহয়। আৰক্ষীয়ে ইতিমধ্যে নাবালিকাগৰাকীক চিকিৎসালয়লৈ লৈ অনা মহিলাক আটক কৰিছে। ঘটনাটো উত্তৰপ্ৰদেশৰ কানপুৰৰ। আৰক্ষী সূত্ৰই জনোৱা মতে নাৱালিকাগৰাকীৰ মাতৃৰো মৃত্যু হৈছে। মাতৃৰ মৃত্যুৰ পাছতেই পৰিয়ালৰ লোকে এৰি থৈ যায় নাবালিকাগৰাকীক। অকলশৰীয়া নাবালিকাক এখন অনাথ আশ্ৰমত ৰখাৰ বাবে লৈ আহে এগৰাকী মহিলাই। কানপুৰৰ পৰা নাবালিকাৰ ঠিকনা হৈ পৰে ধুমানগঞ্জ। যিগৰাকী মহিলাই নাবালিকাগৰাকীক লৈ আহে তেওঁৰ স্বামী এজন শিক্ষক বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে আৰক্ষীৰ কাষত মুখ খুলিছে নাৱালিকাগৰাকীয়ে। নাবালিকাই জনোৱা অনুসৰি শিক্ষকদম্পত্তিয়ে ভালকৈ খাবলৈ দিয়া নাছিল নাৱালিকাক। মাহৰ প্ৰায় আধা সময়ে খালীপেটে কটাইছিল। ইয়াৰোপৰি নাৱালিকাক চিকিৎসা প্ৰদান চিকিৎসক সিদ্ধাৰ্থ পাণ্ডেই কয় যে নাৱালিকাৰ শৰীৰৰ বহু ঠাইত আঘাতৰ চিন পোৱা গৈছে। নাৱালিকাৰ গুপ্তাংগৰ পৰা এটা কাঠৰ টুকুৰাও লাভ কৰিছে। কেৱল এয়াই নহয় কিশোৰীগৰাকীৰ এখন হাত ভঙাও আছিল। ইতিমধ্যে চিকিৎসকৰ তত্ত্বাবধানত চিকিৎসা চলি আছে কিশোৰীগৰাকীৰ। আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে নাৱালিকাগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ