অসম লাইভ২৪ঃ
ভেলেণ্টাইন ডে’ কেৱল মানৱ প্ৰজাতিৰে বিশেষ দিন নহয়৷
এতিয়াৰে পৰা ১৪ ফেব্ৰুৱাৰীৰ দিনটো গৰুৰ বাবেও হ’ব বিশেষ দিন৷
প্ৰেমৰ দিনটোত প্ৰেমিকেই প্ৰেয়সীক ভালপোৱাৰে সামৰি ল’ব এনে নহয়৷
আপোনাৰো ঘৰত যদি গৰু নতুৱা গাই আছে তেন্তে গৰুৰ প্ৰতিও দেখুৱাব লাগিব চেনেহ-আদৰ৷
১৪ ফেব্ৰুৱাৰীক গৰু আলিংগন দিৱস হিচাপে পালন কৰিবলৈ যো-জা চলাইছে ভাৰতীয় পশু কল্যাণ পৰিষদে৷
ভাৰতত গৰুৰ তথা গো মাতাৰ আছে এক বিশেষ স্থান আছে।
কিন্তু গোধনৰ পৰা মানুহৰ হোৱা লাভালাভৰ বাবেহে এই দিৱস পালনৰ যো-জা৷
ভাৰতীয় সংস্কৃতি আৰু গ্ৰাম্য অৰ্থনীতিত কিদৰে গৰু মেৰুদণ্ড স্বৰূপ সেই কথা ভৱিষ্যত প্ৰজন্মক বুজাবৰ বাবেই এই পদক্ষেপ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ