ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহটোৰ প্ৰতিটো দিনেই বিভিন্ন দেৱ-দেৱীৰ নামত উৰ্ছগিত। বাস্তু শাস্ত্ৰ অনুসৰি সপ্তাহটোৰ প্ৰত্যেকটো দিনৰে আছে নিজা কিছু মহত্ব। আপুনিও হয়তো শুনিছে যে, শনিবাৰ আৰু মঙলবাৰে চুলি, নখ কাটিব নাপায়। ঠিক তেনেদৰে বাস্তু শাস্ত্ৰমতে শনিবাৰৰ দিনটোত কিছুমান বিশেষ সামগ্ৰী ক্ৰয় কৰিব নালাগে।
জ্যোতিষ তথা বাস্তু শাস্ত্ৰৰ মতে শনিবাৰৰ দিনটোত কি কি সামগ্ৰী ঘৰলৈ ক্ৰয় কৰিব নালাগে জানো আহকঃ-
- শনিবাৰৰ দিনটোত ঘৰলৈ নিমখ কিনি আনিব নালাগে। জ্যোতিষ শাস্ত্ৰৰ মতে, শনিবাৰৰ দিনটোত এনে কাম কৰিলে শনিদেৱতা অসন্তুষ্ট হয়। শনিৰ ক্ৰোধৰ পৰা বাচিবলৈ শনিবাৰৰ দিনটোত নিমখ ক্ৰয় কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰৰ মতে, শনিবাৰে নিমখ কিনিলে ধাৰ বাঢ়ে আৰু আৰ্থিক স্থিতি দুৰ্বল হয়।
- শনিবাৰৰ দিনটোত লোহা বা লোৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে। এনে কৰিলে শনিদেৱতাৰ ক্ৰোধ বৃদ্ধি পায় বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, শনিবাৰৰ দিনটোত লোহাৰ সামগ্ৰী ক্ৰয় কৰিলেও ঘৰলৈ আনিব নালাগে।
- শনিবাৰৰ দিনটো কেচি ক্ৰয় কৰিব নালাগে বুলি জ্যোতিষ শাস্ত্ৰই কয়। এনে কৰিলে পৰিয়ালত সংঘাত বাঢ়ে আৰু ঘৰুৱা সম্পৰ্কটো ফাঁট মেলে।
- শনিবাৰৰ দিনটোত মিঠাতেল ক্ৰয় কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰৰ মতে, এনে কৰিলে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পায়। শনিবাৰে মিঠাতেল ক্ৰয় কৰিলে ৰোগে সহজতে আক্ৰমণ কৰিব পাৰে বুলি বাস্তু শাস্ত্ৰই কয়।
ক্লিক কৰি পঢ়কঃ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















