অসম লাইভ২৪ঃ আজি ৩১ ডিচেম্বৰ ২০২৩। চলিত বছৰৰ শেষ দিন। নিশাটো পুৱালেই নতুন বছৰ ২০২৪ আৰম্ভ হ’ব। নতুন বছৰে যাতে আমাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে সকলোৱে এইকেইটা কাম কৰিব পাৰে। বৈদিক জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে বাস্তুশাস্ত্ৰ। সুখী আৰু সমৃদ্ধ জীৱন যাপনৰ বাবে বাস্তুৰ নিয়ম মানি চলাটো অতি জৰুৰী।
বাস্তুশাস্ত্ৰই আমাক জনোৱা অনুসৰি আগন্তুক বছৰৰ প্রথম দিনটোত কেইবাটাও সামগ্ৰী ঘৰলৈ আনিব পাৰে। কাইলৈ ঘৰলৈ এই সামগ্ৰীসমূহ আনিলে ইয়াৰ শুভ প্রভাৱ সম্পূৰ্ণ বছৰটোৱেই থাকিব। সাফল্যই আৱৰি ৰাখিব আপোনাক। জানি থওক ১ জানুৱাৰীত ঘৰলৈ কি কি সামগ্ৰী আনিলে মা লক্ষ্মীৰ আশীৰ্বাদ সমগ্ৰ বছৰ ধৰি থাকিব?
তামৰ সূৰ্য
১ জানুৱাৰীত ঘৰলৈ এটা তামৰ সূৰ্য আনিব। তামেৰে তৈয়াৰ কৰা সূৰ্য ঘৰত ৰাখিলে অত্যন্ত শুভ বুলি কোৱা হয়। ইয়াৰ ফলত প্ৰচুৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। বাস্তু অনুসৰি ঘৰত তামৰ সূৰ্য থাকিলে জীৱনটো সুখকৰ হোৱাৰ লগতে সকলো কামতেই সফলতা লাভ কৰিব আপুনি।
দক্ষিণাবৰ্তী শংখ
নতুন বছৰৰ প্ৰথম দিনটোত ঘৰলৈ এটা দক্ষিণাবৰ্তী শংখ আনিব পাৰে। পুজাৰ স্থানত দক্ষিণাবৰ্তী শংখ স্থাপন কৰিলে অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত তুষ্ট হয় মা লক্ষ্মী আৰু ঘৰৰ অন্যান্য সদস্যসকলো আৰ্থিক সংকটৰ সন্মুখীন নহয়।
নাৰিকল
আগন্তুক সোমবাৰ ১ জানুৱাৰীত ঘৰলৈ এটা নাৰিকল আনক। হিন্দুধৰ্মত নাৰিকলক অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত স্বয়ং মা লক্ষ্মীয়ে বসতি লয় বুলি বিশ্বাস। সেই কাৰণে নাৰিকলক শ্ৰীফল বুলি কোৱা হয়। আলমাৰিৰ লকাৰ বা চন্দুকত এই নাৰিকলটো ৰাখি থলে ধন টকা পইছাৰ অভাৱে কাহানিও দেখা নিদিয়ে।
ময়ূৰৰ পালক
বাস্তু অনুসৰি ময়ূৰৰ পালক অত্যন্ত শুভ। ময়ূৰৰ পালক ঘৰত থাকিলে সকলো নিগেটিভ এনাৰ্জী আঁতৰি যায় বুলি কোৱা হয়। বছৰৰ প্ৰথমদিনটোত ঘৰলৈ এটি ময়ূৰৰ পালক আনিব পাৰে।
ধাতুৰে তৈয়াৰী কচ্ছপ
বাস্তুশাস্ত্ৰত কোৱা হয় যে আমাৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাই ধাতুৰ কচ্ছপে। ঘৰত ধাতুৰ কচ্ছপ থাকিলে ইয়াৰ ফলত আৰ্থিক উন্নতি হয়। বিশেষকৈ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ঘৰলৈ ধাতুৰ কচ্ছপ আনিব। নতুন বছৰৰ প্ৰথম দিনটোত নিজৰ ঘৰ বা অফিচত এটি ধাতুৰ কচ্ছপ স্থাপন কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিৰ পথৰ সকলো বাধা আঁতৰি যাব। মা লক্ষ্মীৰ আশীৰ্বাদত অৰ্থ আহিব হাতলৈ।
গোমতী চক্ৰ
বছৰৰ প্ৰথম দিনটোত ঘৰলৈ গোমতী চক্ৰও আনিব পাৰে। ১১ টা গোমতী চক্ৰ এখন ৰঙা বা হালধীয়া কাপোৰেৰে মেৰিয়াই আলমাৰিৰ লকাৰত বা চন্দুকত ৰাখি থ’ব। ধৰ্মীয় বিশ্বাস অনুসৰি যিসমূহ ঘৰত গোমতী চক্ৰ থাকে সেই ঘৰত সকলোসময়তে মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ