অসম লাইভ ২৪ঃ গুৱাহাটীত শাক-পাচলিৰ দৰ নির্ধাৰণ। সংশ্লিষ্ট কর্তৃপক্ষই জাৰি কৰিলে জাননী। প্ৰশাসনে নির্ধাৰণ কৰি দিয়া দৰ অনুসৰি মহানগৰীত প্ৰতি কিলো জিকাৰ দাম ৪৫ টকা, জালি কোমোৰা ৪০ টকা, পটল ৪০ টকা, লেচেৰা ৪৫ টকা, তিতাকেৰেলা ৪৫ টকা, ৰঙালাউ ২৫ টকা, ভেন্দি ৪০ টকা, বন্ধাকবি ৩৫ টকা, জলকীয়া ৬৫ টকা, গাজৰ ৯৫ টকা, ভোল ৩৫ টকা, তিয়ঁহ ৩৫ টকা, পানীলাউ প্ৰতিটোত ৪০ টকা, মটৰ ৯০ টকা, নেমু প্ৰতিটোত ৫ টকা, বেঙেনা প্ৰতি কেজিত ৪৫ টকা, ভাতকেৰেলা ৫০ টকা, ধনিয়া পাত প্ৰতিমুঠিত ৫ টকা, কেপচিকাম ৯০ টকা, ওলকবি ৩০ টকা, বিলাহী ৫৫ টকা, কচু ৪০ টকা, ফুলকবি ৯৫ টকা, মূলা ৪০ টকা, অমিতা ৫৫ টকা, নিলাজী ৩০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ