অসম লাইভ ২৪ঃ কুৰুক্ষেত্ৰ যুদ্ধত হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ পৰাক্ৰমৰ কাহিনী সকলোৱে জানে। উত্তৰ-পূবৰ পৰা গৈ সুদূৰ কুৰুক্ষেত্ৰত মহা পৰাক্ৰম প্ৰদর্শন কৰিছিল ঘটোৎকচে। ভীম তনয় ঘোটতকচে যুৱৰাজ দুর্যোধন, দ্ৰোণাচার্য, জয়দ্ৰথ, অশ্বত্থামা আদি মহা মহা বীৰক যুদ্ধত পৰাস্ত কৰিছিল। ১৪ দিন কুৰুক্ষেত্ৰত মহা পৰাক্ৰম প্ৰদর্শন কৰিছিল ভীমৰ পুত্ৰ ঘটোৎকচে। চতুর্দশ দিৱসত মহাৰথী কর্ণৰ মুখামুখি হৈছিল ঘটোৎকচ। একাঘ্নি অস্ত্ৰ প্ৰয়োগেৰে ঘোটৎকোচক বধ কৰিছিল কর্ণই। মৃত্যুৰ পূর্বে বিশালকায় ৰূপ ধাৰণ কৰি কৌৰৱ সেনাৰ ওপৰত বাগৰি পৰিছিল ঘটোতকচ। ঘটোৎকচৰ বিশালকায় দেহ বাগৰি পৰাৰ পৰিণতিতত কৌৰৱ পক্ষৰ লাখ লাখ সৈন্যৰ মৃত্যু হৈছিল। এই ঘটোৎকচৰে বিশাল কংকাল উদ্ধাৰ হোৱা বুলি ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল হৈছে।
কুৰুক্ষেত্ৰৰ সমীপত খনন চলোৱাৰ সময়ত উদ্ধাৰ হোৱা বিশালকায় কংকালটো ঘটোৎকচৰ বুলি চর্চা হৈছে। এই মানৱ কংকালটো প্ৰায় ৮০ ফুট দীঘল। ফটোত কংকালটোৰ কাষত কেইগৰাকীমান লোক বহি থকা দেখা গৈছে। ফেচবুকত প্ৰদীপ পাঠক নামৰ এজন লোকে এই ফটোখন প্ৰথম পোষ্ট কৰিছিল। তেওঁ উল্লেখ কৰিছিল এদল বিদেশী পুৰাতত্ত্ব গৱেষকে এই কংকালটো উদ্ধাৰ কৰা বুলি। কিন্তু কংকালটোৰ ফটো সত্য নহয় বুলি কেবাটাও ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে দাবী কৰিছে। এয়া ফটোশ্বপত ডিজাইন কৰা এখন ফটোহে বুলি সংবাদ প্ৰতিষ্ঠানসমূহ পতিয়ন গৈছে। ২০১১ চনৰ ১৪ আগষ্টত আমেৰিকাৰ এগৰাকী ডিজাইনাৰে এক প্ৰতিযোগিতাৰ বাবে এই কংকালটো ডিজাইন কৰা বুলি দাবী কৰে একাংশ সংবাদ গোষ্ঠীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ