• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

3 weeks ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

56 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

1 hour ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

3 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

4 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

17 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

19 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

19 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

BRICS সন্মিলনত আজি কি কি বিশেষ কাৰ্যসূচী?

editor by editor
September 12, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন দিল্লীত অনুষ্ঠিত হৈছে BRICS Summit 2026। এই সন্মিলনক কেন্দ্ৰ কৰি ভাৰতৰ ৰাজধানী চহৰখনত এতিয়া বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উচ্চপদস্থ প্ৰতিনিধিৰ সমাৱেশ ঘটিছে। ইতিমধ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান নতুন দিল্লীত উপস্থিত হৈছে। আনহাতে, আজি ভাৰতত উপস্থিত হ’ব চীনৰ ৰাষ্ট্ৰপতি জিনপিং। এই সন্মিলনৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সূচীও যথেষ্ট ব্যস্ত। বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ লগতে আজি জিনপিঙৰ সৈতে হ’বলগীয়া বৈঠকখনক বিশেষ গুৰুত্ব দিয়া হৈছে।

আজি পুৱা ১০ বজাত হায়দৰাবাদ হাউছত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ পিছতে পুৱা ১০:৩০ বজাত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব। পুৱা ১১ বজাত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ’ব মোদী। ইয়াৰ পিছত পুৱা ১১:৩০ বজাত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হাঙৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব। ইফালে, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানেও আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কথা আছে।

আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকসমূহৰ ভিতৰত আটাইতকৈ চৰ্চিত তথা অন্যতম হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বৈঠক। সন্ধিয়া প্ৰায় ৫:৪৫ বজাত ভাৰত মণ্ডপমত দুয়োগৰাকী নেতাৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ প্ৰেক্ষাপটত এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। দুয়োখন দেশৰ মাজৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিও আলোচনালৈ অহাৰ সম্ভাৱনা আছে।

বিয়লি ২:৩৫ বজাত BRICS সদস্য দেশসমূহৰ বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ পিছত বিয়লি ৪:২৫ বজাত বিশ্বনেতাসকলে ‘ইণ্ডিয়া ইনোভেটছ’ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। সন্ধিয়া ৫:০৫ বজাত অনুষ্ঠিত হ’ব চৰকাৰী সমূহীয়া ফটো আৰু যৌথ বৃক্ষৰোপণ অনুষ্ঠান। ইয়াৰ পিছতে সন্ধিয়া ৫:৪৫ বজাত মোদী-জিনপিঙৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। শনিবাৰে সন্ধিয়া ৭:৩০ বজাত ভাৰত মণ্ডপামত BRICSৰ ৰাষ্ট্ৰপতি আৰু নেতাসকলৰ সন্মানত এক বিশেষ ডিনাৰৰ আয়োজন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই ডিনাৰত কেন্দ্ৰীয় চৰকাৰৰ একাংশ মন্ত্ৰীৰ লগতে প্ৰায় ১৪-১৫খন ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব। নিৰাপত্তা আৰু যান-বাহন নিয়ন্ত্ৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে একেলগে বাছেৰে ভাৰত মণ্ডপামলৈ যাত্ৰা কৰিব। সকলো মুখ্যমন্ত্ৰীক সন্ধিয়া ৫ বজাৰ পৰা ৫:৩০ বজাৰ ভিতৰত সংসদ ভৱনত উপস্থিত থাকিবলৈ কোৱা হৈছে। তাৰ পিছত প্ৰায় সন্ধিয়া ৬ বজাত তেওঁলোকে একেলগে বাছেৰে ভাৰত মণ্ডপামলৈ ৰাওনা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BRICSIndia China
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.