• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

3 weeks ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

37 minutes ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

1 hour ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

2 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

18 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

20 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

চাকৰিৰ নামত ৮০জন নিবনুৱাৰ পৰা গো-গ্ৰাসে গিলিলে ১৮ কোটি টকা!

editor by editor
September 12, 2026
in অপৰাধ, অসম, নিয়োগ
0
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাক্সা জিলাৰ বৰমাত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে প্ৰায় ১৮ কোটি টকা লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, বৰমা, পাটাছাৰকুছি, নলবাৰী আদি অঞ্চলৰ প্ৰায় ৭০ৰ পৰা ৮০গৰাকী নিবনুৱা যুৱকক BTCৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হৈছিল।

এই সমগ্ৰ ঘটনাত অৱসপ্ৰাপ্ত অধ্যক্ষাগৰাকীৰ প্ৰাক্তন ছাত্ৰ ধ্ৰুৱজ্যোতি হালৈৰ বেংক একাউণ্ট ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধ্ৰুৱজ্যোতিৰ অভিযোগ অনুসৰি, প্ৰাক্তন অধ্যক্ষাগৰাকীয়ে চাকৰিৰ নামত সংগ্ৰহ কৰা ধন তেওঁৰ SBIৰ দিশপুৰ শাখাৰ বেংক একাউণ্টত জমা কৰিছিল। পৰৱৰ্তী সময়ত সেই ধন একাউণ্টৰ পৰা উলিয়াই নিয়া হৈছিল বুলিও অভিযোগ কৰিছে ধ্ৰুৱজ্যোতিয়ে। তেওঁৰ দাবী অনুসৰি, এই ধৰণে চাকৰি দিয়াৰ নামত ধনৰ লেনদেন চলি আছিল।

অভিযোগ অনুসৰি, ২০২৪ চনৰ পৰা BTCৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰা হৈছিল। সেই সময়ত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰমোদ বড়ো কাৰ্যনিৰ্বাহ কৰি আছিল। অভিযোগকাৰীৰ মতে, প্ৰাক্তন অধ্যক্ষাগৰাকীৰ পুত্ৰই প্ৰমোদ বড়োৰ খুলশালীয়েকক বিৱাহ কৰোৱাৰ বিষয়টোক লৈ চাকৰি প্ৰদানৰ ক্ষেত্ৰত প্ৰভাৱ থকা বুলি এক ধাৰণা সৃষ্টি কৰা হৈছিল। ইয়াৰ সুযোগ লৈ চাকৰিৰ নামত ধন সংগ্ৰহৰ এক নেটৱৰ্ক গঢ়ি তোলা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বহু যুৱকে চাকৰি লাভ নকৰাত পৰিস্থিতি জটিল হৈ পৰে। ধ্ৰুৱজ্যোতি হালৈয়ে অভিযোগ কৰা মতে, এই পৰিস্থিতিত তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে মৃ*ত্যুৰ বাবে উচটনি দিয়া হৈছিল। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব।

ঘটনাক কেন্দ্ৰ কৰি ধ্ৰুৱজ্যোতি হালৈয়ে ইতিমধ্যে দিছপুৰ থানাত পাঁচগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। গোচৰটোত পুলেন চন্দ্ৰ গোস্বামী, তেওঁৰ পত্নী, বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, চক্ৰধৰ বৰ্মন আৰু বনজিৎ ৰয়ৰ নাম উল্লেখ কৰা হৈছে। বিগত ২০ আগষ্টত দিশপুৰ থানাত ০৬১৭ নম্বৰত গোচৰটো পঞ্জীয়ন কৰা হয়। গোচৰটোত BNSৰ 316(2), 318(4), 336(3) আৰু 61(2) ধাৰা আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

বৰ্তমান ঘটনাটোৰ তদন্ত দিশপুৰ থানাৰ SI দিপাংকৰ চুতীয়াই চলাই আছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে বেংক একাউণ্টৰ লেনদেন, চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ আৰু জড়িত লোকসকলৰ ভূমিকা সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। প্ৰায় ১৮ কোটি টকাৰ দৰে বৃহৎ পৰিমাণৰ ধন লেনদেনৰ অভিযোগ উত্থাপন হোৱাত ঘটনাটোৱে স্বাভাৱিকতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া আৰক্ষীৰ তদন্ততেই পোহৰলৈ আহিব—চাকৰিৰ নামত প্ৰকৃততে কিমান ধন সংগ্ৰহ কৰা হৈছিল আৰু এই সমগ্ৰ ঘটনাৰ আঁৰত কোন কোন লোক জড়িত আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24job scam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?
অসম

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

October 3, 2026
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
Next Post
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ'টোৰ সত্যতা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.