• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

40 minutes ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

7 minutes ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

2 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

2 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

10 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

11 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

11 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

11 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

11 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

12 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

13 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

13 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পুটিন-জিনপিঙৰ বাবে দিল্লীত বিশেষ খাদ্যৰ আয়োজন!

editor by editor
September 12, 2026
in বিশ্ব, ভাৰত, লেখা
0
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক BRICS সন্মিলনক লৈ দেশৰ ৰাজধানীত এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত BRICSৰ সদস্য দেশ, অংশীদাৰ দেশ, আঞ্চলিক সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে পুটিন, জিনপিঙকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কূটনীতিবিদ, ব্যৱসায়িক প্ৰতিনিধি আৰু অন্যান্য বিশিষ্ট অতিথি নতুন দিল্লীত উপস্থিত হৈছে। অতিথিসকলৰ থকাৰ বাবে দিল্লীৰ কেইবাখনো বিলাসী হোটেলত বিশেষ ব্যৱস্থা কৰা হৈছে। কেৱল থকাৰ ব্যৱস্থাই নহয়, অতিথিসকলৰ বাবে ভাৰতীয় খাদ্যৰ বৈচিত্ৰ্য আৰু স্বাদ তুলি ধৰিবলৈ বিশেষ মেনুও প্ৰস্তুত কৰা হৈছে।

পুটিন-জিনপিঙৰ খাদ্যৰ তালিকা

BRICS সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল-ছিছি, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও চুবিয়াণ্টো, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী অবি আহমেদ আলীকে ধৰি কেইবাজনো শীৰ্ষ নেতা অংশগ্ৰহণ কৰিব। সকলো প্ৰতিনিধি আৰু অতিথিৰ খাদ্যাভ্যাস, পছন্দ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় খাদ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় খাদ্যৰো ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীৰ তাজমহল হোটেলত অতিথিসকলৰ বাবে ‘Tradition to Table’ নামৰ বিশেষ খাদ্য সংকলন আগবঢ়োৱা হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এই মেনুত ভাৰতৰ বিভিন্ন ৰাজ্যৰ, বিভিন্ন জনজাতীয় পৰম্পৰাগত জলপান আৰু খাদ্যও অন্তৰ্ভুক্ত কৰা হৈছে। দিল্লীত উপস্থিত হোৱা বিয়াগোম নেতাসকলৰ নিজৰ নিজৰ পছন্দৰ খাদ্যৰ লগতে ভাৰতৰ বিভিন্ন খাদ্যৰ ভিতৰত তাজ হোটেলৰ মেনুত এই প্ৰতিনিধিসকলৰ বাবে স্থান পাইছে— কাশ্মীৰৰ টেঙা আখৰোট, পুৰণি দিল্লীৰ আটাৰ কাজু, মহাৰাষ্ট্ৰৰ ভাকৰৱাড়ী,ৰাজস্থানৰ মিনি কচোৰী, বংগৰ কুচো নিম্বাকি, তামিলনাডুৰ মুৰুক্কু আদি। দেশৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰাগত সোৱাদ একেখন মেনুত তুলি ধৰাৰ চেষ্টা কৰা হৈছে।

দ্য লীলাৰ মেনুত ‘পদুম’ৰ বিশেষ ব্যঞ্জন!

আনহাতে নতুন দিল্লীৰ দ্য লীলা পেলেচতো অতিথিসকলৰ বাবে আছে এক বিশেষ আকৰ্ষণ—‘Edible Lotus’ অৰ্থাৎ খাব পৰা পদুম। ভাৰতৰ জাতীয় ফুল পদুমক BRICS India 2026ৰ ল’গ’তো স্থান দিয়া হৈছে। সেইবাবেই এই বিশেষ খাদ্যবিধ মেনুত অন্তৰ্ভুক্ত কৰা হৈছে। গোলাপ, কেশৰ আৰু ইলাচিৰে প্ৰস্তুত কৰা এই খাব পৰা পদুম থলুৱা ভাৰতীয় ফলৰ সৈতে পৰিৱেশন কৰা হ’ব। ইয়াৰ উপৰি দ্য লীলাৰ মেনুত আছে বাজৰাৰ কুকিজ, হাতেৰে প্ৰস্তুত কৰা গ্ৰেনোলা বাৰ আৰু বিভিন্ন ধৰণৰ ৱেলনেছ ইনফিউজন বা স্বাস্থ্যকৰ পানীয়।

‘দ্য ললিত’ৰ গালোটি কাবাব

দিল্লীৰ আন এখন বিলাসী হোটেল ‘দ্য ললিত’-এও BRICS অতিথিসকলৰ বাবে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ এক বিশেষ সংমিশ্ৰণ প্ৰস্তুত কৰিছে। মেনুত গালোটি কাবাব আৰু তন্দুৰী ব্ৰেডৰ দৰে ভাৰতীয় খাদ্যৰ উন্নত ৰূপৰ লগতে বিভিন্ন বাজৰা-ভিত্তিক খাদ্য ৰখা হৈছে। কেৱল ভাৰতীয় খাদ্যই নহয়, আন্তঃৰাষ্ট্ৰীয় সোৱাদৰ কথাও মনত ৰখা হৈছে। মেনুত আছে মিছ’ পেষ্টৰ সৈতে ব্ৰেইজড বেঙেনা, লাহে লাহে সিজোৱা চাইনিজ কবি আৰু এম্বাৰ চচৰ সৈতে জাপানীজ ষ্টাইলৰ মিঠা কিডনী বিনৰ খাদ্য।

ভাৰতীয় পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ

এইবাৰৰ BRICS সন্মিলনৰ খাদ্য মেনুৰ বিশেষত্ব হৈছে—ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত খাদ্যক আধুনিক ধৰণে অতিথিসকলৰ সন্মুখত উপস্থাপন কৰা। কাশ্মীৰৰ আখৰোট, মহাৰাষ্ট্ৰৰ ভাকৰৱাড়ী, ৰাজস্থানৰ কচোৰী, তামিলনাডুৰ মুৰুক্কুৰ পৰা আৰম্ভ কৰি গালোটি কাবাব আৰু বাজৰাৰ খাদ্যলৈকে—ভাৰতৰ খাদ্য সংস্কৃতিৰ এক বৃহৎ বৈচিত্ৰ্য এই মেনুত প্ৰতিফলিত হৈছে। তাৰ লগতে বিদেশী অতিথিসকলৰ খাদ্যাভ্যাসৰ প্ৰতি লক্ষ্য ৰাখি জাপানী, চীনা আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় খাদ্যও ৰখা হৈছে। অৰ্থাৎ, BRICS সন্মিলনত বিশ্বৰ শীৰ্ষ নেতাসকলে কেৱল গুৰুত্বপূৰ্ণ কূটনৈতিক আলোচনাতে অংশ নল’ব; দিল্লীৰ বিলাসী হোটেলসমূহত তেওঁলোকে একেলগে সোৱাদ ল’ব ভাৰতৰ বিভিন্ন প্ৰান্তৰ অনন্য খাদ্য সংস্কৃতিৰো।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24chinaPutin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল
অসম

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

September 12, 2026
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!
প্ৰযুক্তি

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

September 11, 2026
Next Post
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.