দেশৰ প্ৰায় প্ৰতিটো ঘৰতে এতিয়া এল পি জি সংযোগ আছে। অৱশ্যে এল পি জি সংযোগৰ সমস্যাৰ সন্মুখীন হৈছে বহু লোক। ভাড়াঘৰত থকা বা চাকৰিত বদলি হোৱা সকলে ঘৰ সলনি কৰাৰ সময়ত ঠিকনা সলনি কৰিব লগা হয়। ঠিকনাটো যেনেকৈ আধাৰ কাৰ্ড বা অন্য পৰিচয় পত্ৰত আপডেট কৰিব লাগে ঠিক তেনেদৰে গেছ সংযোগৰ বাবে ঠিকনা সলনি কৰাটোও বাধ্যতামূলক। এইটো কেনেকৈ কৰিব?
কাৰোবাৰ ঠিকনা সলনি হ’লে নতুন এল পি জি সংযোগ লোৱাৰ প্ৰয়োজন নাই। আপুনি বৰ্তমান সংযোগত ঠিকনা আপডেইট কৰিব পাৰিব। ইয়াৰ ফলত নতুন ঘৰলৈ গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰাত কোনো সমস্যাৰ সৃষ্টি নহ’ব।
যদি কোনোবাই আধাৰ কাৰ্ডত ঠিকনা সলনি নকৰাকৈ গেছ বুক কৰে, তেতিয়া এল পি জি চিলিণ্ডাৰ পুৰণি ঠিকনাত উপনীত হ’ব। এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ঠিকনাটো আপডেট কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন, কেনেকৈ আপডেট কৰিব?
কি কি নথি-পত্ৰৰ প্ৰয়োজন?
- আধাৰ কাৰ্ড
- ঘৰৰ ঠিকনাৰ প্ৰমাণ
- গেছ বুকিং বুক
- চাবস্ক্ৰিপচন ভাউচাৰ
- কে ৱাই চিৰ নথি-পত্ৰ
এল পি জি সংযোগক আন এটা ঠিকনালৈ কেনেকৈ সলনি কৰিব?
- প্ৰথমে আপুনি যিটো এজেন্সীৰ সৈতে সংযোগ থকা এজেন্সীৰ কাৰ্যালয়লৈ যাব লাগিব।
- তাত আপুনি ট্ৰেন্সফাৰ টাৰ্মিনেচন ভাউচাৰ (টিটিভি) বিচাৰিব লাগিব।
- তাৰ পিছত আপোনাৰ নতুন ঠিকনাত গেছ যোগানকাৰী সংস্থাটোৰ কাৰ্যালয়লৈ যাব লাগিব।
- ট্ৰেন্সফাৰ টাৰ্মিনেচন ভাউচাৰ তাত জমা দিব লাগিব।
- পৰৱৰ্তী পদক্ষেপটো হ’ল কে ৱাই চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা।
- আপোনাৰ নতুন ঠিকনাৰ যিকোনো প্ৰমাণ জমা দিব লাগিব। আপুনি বৰ্তমানৰ বিদ্যুতৰ বিল, ভাড়াৰ চুক্তি আদি জমা দিব পাৰিব।তাৰ পিছত ঠিকনাটো আপডেট হ’ব।
- এই প্ৰক্ৰিয়াই ঠিকনাটো আপডেট কৰিব।
- এতিয়াৰ পৰা যেতিয়াই গেছ বুকিং কৰিব তেতিয়াই আপডেট কৰা ঠিকনাত ডেলিভাৰী কৰা হ’ব।
যদি আপুনি আন চহৰলৈ গুচি যায় তেন্তে ঠিকনা কেনেকৈ সলনি কৰিব?
- যদি আপুনি আন এখন চহৰলৈ যায় তেন্তে আপোনাৰ চিলিণ্ডাৰ আৰু চাপ নিয়ন্ত্ৰক বৰ্তমানৰ সংস্থাটোলৈ ঘূৰাই দিব লাগিব।
- ইয়াৰ পিছত এজেন্সীৰ পৰিচালকে টাৰ্মিনেচন ভাউচাৰ জাৰি কৰিব। আপোনাৰ নিৰাপত্তা জমা ধনো ঘূৰাই দিয়া হ’ব।
- আপুনি আপোনাৰ নতুন ঠিকনাত এল পি জি গেছ যোগানকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰিব লাগিব। প্ৰয়োজনীয়
- নথি-পত্ৰৰ সৈতে টাৰ্মিনেচন ভাউচাৰ জমা দিব। তেতিয়াহে ঠিকনাটো আপডেট কৰা হ’ব।
PNG সংযোগলৈ কেনেকৈ স্থানান্তৰ কৰিব?
যদি আপোনাৰ নতুন ঠিকনাত PNG সংযোগ আছে, তেন্তে পাইপলাইনৰ জৰিয়তে গেছ সংযোগ পাবলৈ, আপুনি প্ৰথমে আপোনাৰ LPG সংযোগ বাতিল কৰিব লাগিব। ইয়াৰ বাবে চিলিণ্ডাৰ জমা কৰি গেছ সংযোগ বাতিল কৰিব লাগিব। তাৰ পিছত সেই অঞ্চলৰ পিএনজি যোগান কোম্পানীটোৰ সৈতে যোগাযোগ কৰি নতুন সংযোগ লাভ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















