• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

1 month ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

20 minutes ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

40 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

1 hour ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

4 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

13 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

14 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

15 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ভেনিজুৱেলাক ভাৰতৰ সহায়ৰ প্ৰতিশ্ৰুতি, প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

editor by editor
June 25, 2026
in বিবিধ, বিশ্ব, লেখা
0
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাত সংঘটিত হোৱা এক সংহা*ৰী ভূমিকম্পই সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। ভাৰতীয় সময় অনুসৰি ২৫ জুনৰ পুৱা দেশখনত পৰম্পৰাগতভাৱে দুটাকৈ শক্তিশালী ভূমিকম্পই জোকাৰি যায়। প্ৰথমে ৭.২ মাত্ৰাৰ আৰু তাৰ কিছু সময় পিছতে ৭.৫ মাত্ৰাৰ দ্বিতীয়টো শক্তিশালী কম্পনে দেশখনৰ ৰাজধানী কাৰাকাছকে ধৰি বিস্তীর্ণ অঞ্চল নিমিষতে ধ্বংসস্তুপলৈ পৰিণত কৰে।
ভূমিকম্প দুটাৰ অভিকেন্দ্ৰস্থলী আছিল কাৰাকাছৰ নিকটৱৰ্তী মোণ্টাল্বন অঞ্চলত। বিশেষজ্ঞসকলৰ মতে, কম গভীৰতাত উৎপত্তি হোৱা বাবে ভূমিকম্পৰ শক্তি বা প্ৰভাৱ অধিক তীব্ৰভাৱে অনুভূত হয়। ফলস্বৰূপে কেইছেকেণ্ডমানৰ ভিতৰতে কেইবামহলীয়া শতাধিক অট্টালিকা, বাণিজ্যিক প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু আৱাসিক অঞ্চল মাটিৰ লগত মিহলি হৈ যায়।

ৰাজধানী কাৰাকাছত আতংকময় পৰিৱেশ

ভূমিকম্পৰ কম্পন আৰম্ভ হোৱাৰ লগে লগে লাখ লাখ লোক আতংকিত হৈ ঘৰৰ পৰা ওলাই ৰাজপথত আশ্ৰয় লয়। বহু অঞ্চলত বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। মোবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱাও বিকল হৈ পৰাত উদ্ধাৰ আৰু সাহায্যকাৰ্যত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। এতিয়াও হাজাৰ হাজাৰ লোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। বহু বাট-পথ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত উদ্ধাৰকাৰী দলসমূহেও প্ৰভাৱিত অঞ্চললৈ তৎকালে উপস্থিত হোৱাত কিছু সমস্যাৰ সন্মুখীন হৈছে।

১ লাখ পাৰ হ’ব নেকি মৃ*ত্যুৰ সংখ্যা?

প্ৰাথমিক তথ্য অনুসৰি ইতিমধ্যে ১০ হাজাৰৰো অধিক লোকৰ মৃ*ত্যুৰ খবৰ পোৱা গৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে চৰকাৰী পক্ষই সদৰী কৰা নাই এই তথ্য। উদ্ধাৰ অভিযান আগবঢ়াৰ লগে লগে মৃত*কৰ সংখ্যা আৰু বহুগুণে বৃদ্ধি পাব পাৰে তাত কোনো সন্দেহ নাই। বহু আন্তর্জাতিক বিশেষজ্ঞই এই সংখ্যাই ১ লাখৰ ঘৰ অতিক্ৰম কৰাৰ আশংকা কৰিছে। যদি এই আশংকা সত্য হয়, তেন্তে এই দুৰ্যোগ বিগত ১০০ বছৰৰ ভিতৰত বিশ্বৰ অন্যতম ভয়ংকৰ আৰু সৰ্বাধিক প্ৰা*ণহানিকাৰক ভূমিকম্প হিচাপে ইতিহাসত স্থান লাভ কৰিব।

ভেনিজুৱেলাত জৰুৰী অৱস্থা ঘোষণা

দেশখনৰ চৰকাৰে ইতিমধ্যে সমগ্ৰ ভেনিজুৱেলাত জৰুৰী অৱস্থা ঘোষণা কৰিছে। সেনাবাহিনী, অ*গ্নিনিৰ্বাপক বাহিনী, চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক উদ্ধাৰ অভিযানত নিয়োজিত কৰা হৈছে। মোণ্টাল্বন অঞ্চলত অৱস্থিত তেল শোধনাগাৰসমূহৰ ক্ষয়ক্ষতিৰ আশংকাক লৈও উদ্বেগ বৃদ্ধি পাইছে। যদি এই শোধনাগাৰসমূহত বৃহৎ ক্ষতি হয়, তেন্তে পৰিস্থিতি আৰু জটিল হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

ভাৰতসহ বিশ্বজুৰি সহায়ৰ হাত

ভূমিকম্পৰ পিছতে বিশ্বৰ বিভিন্ন দেশ আৰু আন্তর্জাতিক সংস্থাই সহায়ৰ হাত আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰি মৃত*কৰ আত্মীয়-স্বজনলৈ সমবেদনা জ্ঞাপন কৰে। লগতে ভেনিজুৱেলাৰ এই কঠিন সময়ত ভাৰত সদায় কাষত থাকিব বুলি আশ্বাস দিছে। ইতিমধ্যে ভাৰতে NDRFৰ এটা বিশেষ উদ্ধাৰকাৰী দল প্ৰস্তুত কৰি ৰাখিছে। অত্যাধুনিক উদ্ধাৰ সঁজুলি, চিকিৎসা সামগ্ৰী আৰু বিশেষজ্ঞ কৰ্মীৰে সজ্জিত এই দলটো যিকোনো মুহূৰ্ততে ভেনিজুৱেলালৈ ৰাওনা হ’ব পাৰে বুলি জানিব পৰা গৈছে। মেক্সিকোৰ বিদেশ মন্ত্ৰালয়, আমেৰিকাৰ শক্তিমন্ত্ৰী ক্ৰিছ ৰাইটকে ধৰি বিশ্বৰ বহু নেতাই সামাজিক মাধ্যমযোগে গভীৰ শোক প্ৰকাশ কৰিছে। বহু দেশে উদ্ধাৰ আৰু পুনৰ নিৰ্মাণ কাৰ্যত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে।

চিকিৎসাকৰ্মীসকললৈ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ আহ্বান

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰড্ৰিগেজে দেশবাসীক শান্ত থাকিবলৈ আহ্বান জনাইছে। তেওঁ সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক জৰুৰীভাৱে কৰ্মস্থলীত যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে। দেশখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। আহতসকলক চিকিৎসা প্ৰদান, ৰ*ক্ত সংগ্ৰহ আৰু চিকিৎসা সামগ্ৰী বিতৰণৰ কাম অব্যাহত আছে।

ধ্বং*সস্তূপৰ মাজত জীৱন বিচাৰি অভিযান

বৰ্তমানো হাজাৰ হাজাৰ উদ্ধাৰকাৰী কৰ্মী ধ্বং*সস্তূপৰ মাজত জীৱিত লোক বিচাৰি অভিযান চলাই আছে। বহু পৰিয়াল এতিয়াও নিজৰ আত্মীয়-স্বজনৰ সন্ধানত চিকিৎসালয়, উদ্ধাৰ শিবিৰ আৰু ধ্বং*সপ্ৰাপ্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। চৌদিশে কান্দোন, হাহাকাৰ আৰু অনিশ্চয়তাৰ মাজত ভেনিজুৱেলাই ইতিহাসৰ অন্যতম ভয়ং*কৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। সমগ্ৰ বিশ্বই এতিয়া দেশখনৰ উদ্ধাৰ আৰু পুনৰ গঠন কাৰ্যৰ প্ৰতি নজৰ ৰাখিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
Next Post
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ'ব বৈভৱৰ!

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.