প্ৰত্যেকৰেই জীৱনত সপোন থাকে এবাৰ হ’লেও বিমানত যাত্ৰা কৰিব৷ কিন্তু অত্যন্ত ব্যয়বহুল টিকটৰ বাবে সেই সপোন পূৰণ কৰিব পৰা নাই বহুতেই৷ কিন্তু এইবাৰ বহু মানুহৰ সপোন এইবাৰ পূৰণ হ’ব কম টকাতেই৷ মাত্ৰ ১১ টকাতেই পোৱা যাব বিমানৰ টিকট৷ ডাঙৰ সুযোগ দিছে এই সংস্থাই৷
এই অফাৰ চলিছে ভিয়েটনামৰ বিমান সংস্থা ভিয়েতজেটৰ তৰফৰ পৰা৷ ভিয়েতজেটে এই ফেষ্টিভ ছেল অফাৰ আনিছে যাত্ৰীসকলৰ বাবে৷ এই অফাৰেৰে আপুনি ভাৰতৰ পৰা ভিয়েটনাম যোৱা বিমানৰ টিকট পাব মাত্ৰ ১১ টকাতেই৷ এই টিকটৰ দামৰ সৈতে কৰ আৰু অন্যান্য ফি যুক্ত কৰা নাই৷ এই অফাৰটো আছে ইকো ক্লাছ টিকটৰ বাবে৷ আৰু ভাৰতৰ ডাঙৰ ডাঙৰ চহৰ মুম্বাই, দিল্লী, কোচি, আহমেদাবাদৰ পৰা হো চিমিনৰ চিটি হানৈ আৰু ডা নেং চহৰলৈ যোৱাৰ বাবে উপলব্ধ হ’ব এই টিকট৷
কেনেকৈ বুক কৰিব এই টিকট?
প্ৰতি শুকুৰবাৰে ভিয়েটনামৰ বিমানসংস্থা ভিয়েতজেট এয়াৰত এই সস্তাৰ টিকটৰ সুবিধা পোৱা যাব৷ ২০২৫ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চলিব এই অফাৰ৷ এই অফাৰটো কেৱলমাত্ৰ সীমিত চিটৰ বাবে উপলব্ধ থাকিব৷ ফলত খুব দ্ৰুত এই টিকট বুকিং কৰিব লাগিব আপুনি৷ টিকট বুক কৰিবলৈ আপুনি ক্লিক কৰক www.vietjetair.com ৱেবচাইটত৷
অফাৰ সম্পৰ্কিত অন্যান্য তথ্য
সংবাদসংস্থা অনুসৰি জনা গৈছে যে এই অফাৰটো ৩১ ডিচেম্বৰ ২০২৫ পৰ্যন্ত বৈধ বুলি গণ্য কৰা হ’ব৷ কিছু কিছু ব্লেক আউট দিন আছে এই বুকিঙৰ ক্ষেত্ৰত৷ পাবলিক হলিডে, পিক ছিজনত এই বুকিং আপুনি কৰিব নোৱাৰিব৷ আপুনি যদি আপোনাৰ বুকিং বা ভ্ৰমণৰ দিন সলনি কৰিব খোজে তেন্তে এক নিৰ্দিষ্ট ফি দি সেই বুকিং সলনি কৰিব পাৰে৷ ইয়াৰোপৰি আপুনি টিকট বাতিল কৰিব খুজিলে সেয়াও কৰিব পাৰে৷ আপোনাৰ টকা ৰিফাণ্ড লৈ ট্ৰেভেল ৱালেটলৈ ঘূৰি আহিব৷ অৱশ্যে কিছু ফি কটা হ’ব৷
কিয় এই অফাৰ দিছে?
এই অফাৰটো কেৱল যে সস্তাতেই পাইছে তেনে নহয়৷ ইয়াৰোপৰি ভিয়েটনাম আৰু ভাৰতৰ মাজত চৰকাৰী সংযোগস্থাপনৰ এক ডাঙৰ সুযোগ৷ ভিয়েটনাম অসাধাৰণ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক স্থান, সুস্বাদু খাদ্যৰ বাবে খুবেই বিখ্যাত৷ আৰু এই অফাৰত আপুনি এই সুন্দৰ দেশ ভ্ৰমণৰ ডাঙৰ সুযোগ পাব৷ আপুনি যদি অকলে কিংবা পৰিয়ালৰ সৈতে ভিয়েটনাম যাব খুজিছে তেন্তে এই অফাৰটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















