এক অনন্য ইতিহাস ৰচিলে বিৰাট কোহলীয়ে, এই ক্ষেত্ৰত প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত
ডুবাইত চলি আছে চেম্পিয়নছ ট্ৰফীৰ আজিৰ পঞ্চমখন খেল। ভাৰত-পাকিস্তানৰ মাজত হাইভল্টেজ খেলখনে সকলো ক্ৰিকেট অনুৰাগীকে উত্ৰাৱল কৰি ৰাখিছে।
পাছে এই খেলখনতেই বেট ধৰাৰ পূৰ্বেই বিৰাট কোহলীয়ে গঢ়ে এক অনন্য ৰেকৰ্ড। প্ৰাক্তন কিংবদন্তি খেলুৱৈ মহম্মদ আজহাৰুদ্দিনৰ অভিলেখ ভংগ কৰে কিং কোহলীয়ে।
ভাৰতৰ হৈ এদিনীয়া ফৰ্মেটত সৰ্বাধিক কেচ লোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। বিৰাটৰ পূৰ্বে মহম্মদ আজহাৰুদ্দিনে ভাৰতৰ হৈ সৰ্বাধিক কেচ লৈছিল। কিন্তু এতিয়া এই তালিকাত শীৰ্ষত বিৰাট কোহলী।
পাকিস্তানৰ বিৰুদ্ধে কেচ লোৱাৰ পিছত বিৰাট কোহলীৰ নামত এই ৰেকৰ্ড পঞ্জীয়ন হ’য়। বিৰাট কোহলি এতিয়া ১৫৭টা কেচ লৈ এদিনীয়াত ভাৰতৰ সফল ফিল্ডাৰ হিচাপে পৰিগণিত হৈছে।
আনহাতে মহম্মদ আজহাৰুদ্দিনে এদিনীয়াত ১৫৬টা কেচ ধৰিছিল। এতিয়া ১ কেচ অধিক ধৰি নিজৰ নামত কৰে এই ৰেকৰ্ড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ