এদিনীয়া ৰেংকিঙত উন্নতি বিৰাটৰ, ৰোহিত শৰ্মাত পিছ পেলাই আগবাঢ়িল বিৰাট
চলি থকা চেম্পিয়নছ ট্ৰফীত পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে উজ্জ্বল প্ৰদৰ্শনৰ পিছত আইচিচিয়ে প্ৰকাশ কৰা এদিনীয়া ৰেংকিঙত ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে এক স্থান আগবাঢ়ি চতুৰ্থ স্থানলৈ উন্নিত হৈছে।
আনহাতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই এই ৰেংকিঙত দুটা স্থান পিছুৱাইছে। এই ইভেণ্টৰ পূৰ্বে বিৰাটে এদিনীয়া ৰেংকিঙত ষষ্ঠ স্থানত আছিল যদিও এতিয়া তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ৰেংকিঙত উন্নতি হৈছে।
প্ৰথমখন মেচত বাংলাদেশৰ বিৰুদ্ধে কম স্ক’ৰেৰে চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি কৰিছিল কোহলীয়ে যদিও পৰৱৰ্তী মেচত পাকিস্তানৰ বিৰুদ্ধে উজ্জ্বল শতকৰে নিজৰ ছন্দ উভতাই পাই।
ইয়াৰ পিছত নিউজিলেণ্ডৰ বিৰুদ্ধেও বিৰাটৰ স্ক’ৰ কম আছিল যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত ভাৰতৰ অভিজ্ঞ বেটছমেনগৰাকীয়ে ৮৪ ৰানৰ ইনিংছ খেলি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। এই ইনিংছৰ বাবেই তেওঁক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়।
প্ৰতিযোগিতাখনৰ আৰম্ভণিতে এদিনীয়া ৰেংকিঙত ৰোহিত শৰ্মা তৃতীয় স্থানত আছিল। কিন্তু ধাৰাবাহিকভাৱে কম স্ক’ৰৰ বাবে ভাৰতীয় প্ৰবীণ খেলুৱৈগৰাকীয়ে ৭৪৫ ৰেটিং পইণ্টেৰে দুটা স্থান হেৰুৱাই পঞ্চম স্থানলৈ অৱনতি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















