অসম লাইভ২৪ঃ বিৰাট কোহলী, নামেই পৰিচয়। আন্তৰ্জাতিক ক্ৰিকেটত ইতিমধ্যেই তেওঁ নিজৰ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। শচীনৰ ৰেকৰ্ড ভাঙি এদিনীয়া ক্ৰিকেটত সকলোতকৈ বেছি শতৰান কৰিছে বিৰাটে। আগন্তুক কেইবাবছৰৰ মাজত মাষ্টাৰ-ব্লাষ্টাৰৰ শততম শতৰানৰ ৰেকৰ্ডো তেওঁ স্পৰ্শ কৰিব বুলি আশাবাদী ক্ৰিকেটপ্ৰেমী। অন্যহাতে বিৰাটৰ পত্নী অনুষ্কা শৰ্মাও বলীউডৰ এগৰাকী লেখত ল’বলগীয়া অভিনেত্ৰী। ‘ৰব নে বানা দি জৌৰি, যব তক হে জান, ছুলতান, পিকেৰ দৰে একাধিক ব্লকব্লাষ্টাৰ ছবি তেওঁ দৰ্শকক উপহাৰ দিছে।
অনুষ্কা শৰ্মাই জন্মগ্ৰহণ কৰিছিল ১৯৮৮ চনৰ ১ মে’ত। অন্যহাতে বিৰাট কোহলীয়ে জন্মগ্ৰহণ কৰিছিল ১৯৮৮ চনৰ ৫ নৱেম্বৰত। ফলত দুজনেই বৰ্তমান ৩৫ বছৰীয়া। ৩৫ বছৰীয়া হ’লেও অনুষ্কা বিৰাটৰ মাজত বয়সৰ ব্যৱধান ৬মাহ ৪দিন। বয়সৰ ব্যৱধান থাকিলেও তেওঁলোকৰ সম্পৰ্কত কিন্তু এই কথাই কোনো প্ৰভাৱ পেলোৱা নাই। কেইবামাহ পূৰ্বে কোহলীয়ে এটা ইণ্টাৰভিউত কৈছিল অনুষ্কাৰ সৈতে তেওঁৰ চিনাকি আচৰিত ধৰণেই হৈছিল। কেনেকৈ তেওঁলোকৰ বিয়া হৈছিল? ইণ্টাৰভিউত কোহলীয়ে কয়, ‘আমি এটা ইণ্টাৰভিউত চিনাকী হৈছিলো। প্ৰসাধনী সংস্থাৰ বিজ্ঞাপনত আমি প্ৰথম এজনে আনজনক লগ পাওঁ। প্ৰথম দেখাত অনুষ্কাই মোক পাত্তাই দিয়া নাছিল। তাৰপিছতেই লাহে লাহে আমাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ় লৈ উঠে। বন্ধুত্বৰ পৰাই কথাবোৰে প্ৰেমৰ ৰূপ পায়। কেইবাবছৰ ধৰি আমি প্ৰেমৰ সম্পৰ্কত থাকো।’
উল্লেখ্য যে তেঁওলোকে কেইবাবছৰ ধৰি ডেট কৰাৰ পাছত বিবাহপাশত আৱদ্ধ হয়। কেতিয়াবা যদি দুয়োকে মুম্বাইত দেখা গৈছে কেতিয়াবা আকৌ দুয়োকে লণ্ডনত দেখা গৈছিল। বিবাহৰ সময়ত দুজনেই ২৯ বছৰত ভৰি দিছিল। ২০১৭চনৰ ১১ ডিচেম্বৰত ইটালীত দুয়োৱে বিবাহপাশত আৱদ্ধ হয়। ইয়াৰপাছতেই মুম্বাইলৈ আহি ৰিচিপশ্ব্যন পাৰ্টী দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















