• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

3 months ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

17 minutes ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

50 minutes ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

2 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

2 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

4 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

5 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

22 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

22 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

23 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

'কথা পাতোতে এনেকুৱা লগাই নাছিল যে তেওঁ বিৰাট কোহলি'

editor by editor
June 7, 2026
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইবাৰ IPLত RCB চেম্পিয়ন হলেও আচল চেম্পিয়ন যেন বৈভৱ সূৰ্যবংশীহে। ক্ৰিকেট বুলিলেই এতিয়া এটাই নাম-বৈভৱ সূৰ্যবংশী। চলিত ছিজনত ২৩৭.৩১ ষ্ট্ৰাইক ৰেটেৰ বৈভৱ সূৰ্যবংশীয়ে সংগ্ৰহ কৰিছিল মুঠ ৭৭৬ ৰান। বৈভৱৰ ত্ৰাসত ত্ৰস্তমান হৈ পৰিছিল বুমৰাহ, মিচ্চেল ষ্টাৰ্ক, কামিনছ, ৰাবাডাৰ দৰে বিশ্বৰ আগশাৰীৰ বলাৰসকল। যাৰ বাবে বিস্ময় বালকজনে লাভ কৰে ORANGE CAP। দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই মাত্ৰ ১৫ বছৰ বয়সতেই ইতিমধ্যে টীম ইণ্ডিয়াৰ মূল দললৈ আমন্ত্ৰণ লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। সৰ্বকনিষ্ঠ হিচাপে যিকোনো দেশৰ ছিনিয়ৰ দললৈ আমন্ত্ৰণ লাভ কৰাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰকো চেৰ পেলালে বৈভৱ সূৰ্যবংশীয়ে। চলিত IPLত ৰাজস্থান ৰয়েলছে ফাইনেললৈ উন্নীত নহলেও ফাইনেলত উপস্থিত আছিল বৈভৱ সূৰ্যবংশী। ফাইনেলত RCB চেম্পিয়নৰ খিতাপ দখল কৰাৰ পিছতে বিৰাট কোহলিক সাক্ষাৎ কৰে সূৰ্যবংশীয়ে। বিৰাট কোহলিক সাক্ষাৎ কৰাৰ পিছতে নিজৰ অনুভৱ ব্যক্ত কৰি সূৰ্যবংশীয়ে কয়-‘IPLত খেলাৰ পূৰ্বে মই RCBৰে সমৰ্থক আছিলো। মই বিৰাট কোহলিৰ বহুত ডাঙৰ অনুৰাগী। তেওঁ মোৰ কান্ধত হাত থৈ কথা কওঁতে এনেকুৱা লগাই নাছিল যে তেওঁ বিৰাট কোহলি। তেওঁ মোক ডাঙৰ দাদাৰ দৰে কথাবোৰ কৈছিল’

বিৰাট কোহলিয়ে কি কৈছিল সূৰ্যবংশীক?

IPLৰ ফাইনেলৰ পিছতে বৈভৱ সূৰ্যবংশীৰ সৈতে কোহলিৰ কথোপকথন ভাইৰেল হৈছিল। অৱশ্যে তেওঁলোকৰ কি বিষয়ক লৈ কথোপকথন হৈছিল সেয়া স্পষ্ট হোৱা নাছিল। পিছলৈ বৈভৱ সূৰ্যবংশীয়ে এই সন্দৰ্ভত কয় যে ‘তেওঁ মোক ইয়াৰ পৰা আৰু বহু দূৰ আগুৱাই যাব লাগিব বুলি কয়। এয়া মাথোঁ কেৰিয়াৰৰ আৰম্ভণিহে। এতিয়াতকৈও আৰু অধিক কষ্ট কৰিব লাগিব বুলিও তেওঁ বাৰ বাৰ মোক সোঁৱৰাই দিয়ে। সদায়ে নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈও তেওঁ উপদেশ দিয়ে। কোনে কি কৈছে সেইবোৰক বহু বেছি গুৰুত্ব নিদিবলৈ কোৱাৰ উপৰিও তেওঁ লগতে কয় যে সময় সদায় একে নাথাকে, কেতিয়াবা বেয়া দিন আহিলেও মানসিকভাৱে যাতে শক্তিশালী হৈ থাকো তাকো উপদেশ দিয়ে কোহলিয়ে’

IPLত বৈভৱ সূৰ্যবংশীয়ে লাভ কৰিলে ৫টাকৈ বঁটা

এইবাৰ IPLত সূৰ্যবংশীৰ বেটিং বৈভৱত দিশহাৰা হৈ পৰিছিল বিশ্বৰ আগশাৰীৰ সকলো বলাৰ। সূৰ্যবংশীৰ প্ৰায় একক প্ৰচেষ্টাতে ৰাজস্থান ৰয়েলছে কুৱালিফায়াৰ-২ লৈ উন্নীত হৈছিল। অৱশ্যে কুৱালিফায়াৰ-২ গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাস্ত হৈ এইবাৰৰ অভিযান সামৰিছিল ৰাজস্থান ৰয়েলছে। ফাইনেল নাপালেও এইবাৰ IPL ছিজনৰ ৫টাকৈ বঁটা নিজৰ নামত কৰিবলৈ সক্ষম হৈছে বৈভৱ সূৰ্যবংশীয়ে। সদ্যসমাপ্ত IPLত ORANGE CAP, Most Valuable Player, Emerging Player of the Season, Super Striker of the Season আৰু Super Sixes Award লাভ কৰে সূৰ্যবংশীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Vaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
Next Post
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.