অসম লাইভ২৪ঃ সমগ্ৰ বিশ্বতেই এতিয়া RRR-ৰ নাটু নাটু গীতৰ চৰ্চা৷ ৰাজামৌলিৰ চিনেমাৰএ ই বিশেষ গীতটিয়ে অস্কাৰৰ মৌলিক গান বিভাগত অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অস্কাৰ লাভৰ পাছতেই গীতটি সকলোৰে মুখে মুখে৷ এই নাচৰ ষ্টেপসমূহো খুবেই জনপ্ৰিয়৷ শেহতীয়াভাৱে কালিৰ দিনটোত বিৰাট কোহলিয়েও নাটু নাটু গীতৰ ষ্টেপত খেলৰ মাজতেই নৃত্য কৰাৰ এটা ক্লিপ সমগ্ৰতে ভাইৰেল হৈ পৰিছে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেৰ ষ্টেডিয়ামত প্ৰথম এদিনীয়া মেচত বিৰাট কোহলিয়ে এই নৃত্য কৰিছে৷
বিৰাটৰ চিনেমাপ্ৰেমৰ কথা বহুতৰেই জ্ঞাত৷ অনুষ্কা শৰ্মাৰ সৈতে সংসাৰ কৰাৰ পাছত চিনেমাপ্ৰেম আৰু বৃদ্ধি হৈছিল বিৰাটৰ৷ কিছুদিন পূৰ্বে ভাৰত অষ্ট্ৰেলিয়াৰ টেষ্ট চিৰিজ চলি থকাৰ সময়তো ফিল্ডিং কৰাৰ সময়ত শ্বাহৰুখ অভিনীত ‘পাঠান’ ছবিৰ জনপ্ৰিয় গীত ‘ঝুমে জ’ পাঠান’ গীতৰ সৈতে নাচি উঠিছিল বিৰাট৷ কালিৰ দিনটোত ৱাংখেৰ ষ্টেডিয়ামত RRR-ৰ নাটু নাটু গীতত নৃত্য কৰাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই একাংশই কৈছে, ‘সেয়েতো বিৰাট সদায়ে কিং৷ ক্ৰিকেটত অৱসৰ ল’লেও বিৰাটে বলীউডলৈ যোৱাৰ ৰাস্তাও খোলা আছে৷’
উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰিজৰ প্ৰথম এদিনীয়াত বিৰাটে নিজৰ ফৰ্ম ধৰি ৰাখিব নোৱাৰিলে৷ টছত জিকি ভাৰতৰ ভাৰপ্ৰাপ্ত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়৷ খেলতেই মহম্মদ শ্বামী আৰু মহম্মদ চিৰাজৰ দুৰ্দন্ত বলিঙে অষ্ট্ৰেলিয়াৰ দলটোক ধৰাশায়ী কৰে৷ মাত্ৰ ১৮৮ ৰানত অলআউট হয় অষ্ট্ৰেলিয়ান দলটো৷ অষ্ট্ৰেলিয়াৰ খেলুৱৈ মিচেল মাৰ্ছে সৰ্বাধিক ৮১ ৰান সংগ্ৰহ কৰে৷ মিচেল আউট হোৱাৰ পিছতেই হোৰাহোৰে এজনৰ পাছত আনজন আউট হয়৷ অষ্ট্ৰেলিয়াই বান্ধি দিয়ে ১৮৯ৰ টাৰ্গেট৷ অৱশ্যে এই খেলত কোহলিয়ে বিশেষ পাৰ্ফৰমেন্স দেখুৱাব নোৱাৰিলে৷ ৯ বলত ৪ ৰান কৰিয়েই আউট হয় কোহলি৷ কোহলি আউট হোৱাৰ লগতে দলটোৰ অন্যান্য সদস্যইয়ো ভাল পাৰ্ফৰমেন্স দেখুওৱাব নোৱাৰাত বহুতেই ভাৰতৰ পৰাজয় নিশ্চিত বুলিয়েই ধৰি লৈছিল যদিও পাছলৈ কেএল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজাৰ খেলে ভাৰতক জয়ৰ সোৱাদ দিবলৈ সক্ষম হয়৷ ৫ উইকেটত জয়লাভ কৰি ১-০ ৱ্যৱধানত আগুৱাই গৈছে ভাৰতীয় দলটো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ