মন ভাঙে, জোৰা লগা একোখন সংসাৰলৈ হঠাৎ কাল অমানিশা নামে৷ কোনে ভাৱিছিল বীৰেন্দ্ৰৰ ছেহৱাগেও বিচ্ছেদৰ দিশেৰে আগবাঢ়িব৷ যি ছেহৱাগে পত্নীৰ জন্মদিনেই হওক বা বিবাহবাৰ্ষিকী, একোতেই পত্নীক মৰমসনা শুভেচ্ছা দিবলৈ নাপাহৰে৷ নাপাহৰে সামাজিক মাধ্যমত পত্নীৰ সৈতে একোটা ধেমেলীয়া পোষ্ট ভগাই ল’বলৈকো৷ বীৰেন্দ্ৰৰ ছেহৱাগৰ ইনষ্টাগ্ৰাম একাউণ্টলৈ মন কৰিলেই এইসমূহ শুভেচ্ছা বাৰ্তা আপুনিও দেখিব৷ কিছুদিন পূৰ্বেই ছেহৱাগে পত্নী আৰতিক টেগ কৰি লিখিছিল, ‘প্ৰেম অন্ধ, কিন্তু বিবাহে চকু খুলি দিয়ে৷ আৰতি, তোমালৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা৷’
ধেমেলীয়া, খুহুটিয়া কথাৰে ভৰি থকা সংসাৰত এতিয়া বিচ্ছেদৰ জুই জ্বলিছে৷ ২১ বছৰীয়া সংসাৰত বিচ্ছেদৰ গুজৱ ভাইৰেল হৈছে৷ শুনা গৈছে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বীৰেন্দ্ৰৰ ছেহৱাগেও পত্নীৰ পৰা বিচ্ছেদ বিচাৰিছে৷ ২০০৪ চনত আৰতি আৰু বীৰেন্দ্ৰৰে সংসাৰৰ পাতনি মেলিছিল৷ বিবাহবন্ধনত আৱদ্ধ হোৱাৰ পাছতেই দুয়োৰ সংসাৰ মসৃণৰূপত চলিও আছিল৷ কিন্তু হঠাৎ কিয় দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত লৈছে?
ভাইৰেল খবৰ অনুসৰি সামাজিক মাধ্যমত বীৰেন্দ্ৰৰ আৰু তেওঁৰ পত্নী আৰতিয়ে এজনে আনজনক আনফ’ল কৰিছে৷ আনকি আৰতিয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট প্ৰাইভেটো কৰি পেলাইছে৷ তেওঁ নিজে বন্ধুত্বৰ অনুৰোধ গ্ৰহণ নকৰিলে তেওঁৰ সামাজিক মাধ্যম একাউণ্ট কোনোৱে চাব নোৱাৰিব৷ ছেহৱাগৰ ইনষ্টাগ্ৰামত অৱশ্যে এতিয়া পত্নীৰ কেইবাখনো ছবি আছে৷ কিন্তু সকলো পুৰণি ছবি৷ ছেহৱাগৰ ঘনিষ্ঠ মহলৰ খবৰ অনুসৰি, কেইবামাহ ধৰি দুয়ো পৃথকেই আছে৷ বিচ্ছেদৰ বাবে সময়ৰ অপেক্ষাহে কৰি আছে দুয়োৱে৷ বিগত দীপাৱলিৰ সময়ত ছেহৱাগে তেওঁৰ দুই পুত্ৰ আৰু নিজৰ মাতৃৰ সৈতে উদযাপনৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল৷ এই ছবিত বা কেপছনত কতোৱেই আৰতিৰ নাম নাছিল৷ তেওঁৰ নীৰৱতাই বিচ্ছেদৰ জল্পনাক আৰু বঢ়াই দিছে৷
আৰতিও নতুন দিল্লীৰ কন্যা৷ লেডী ইৰউইন ছেকেণ্ডাৰি স্কুল আৰু ভাৰতীয় বিদ্যা ভৱনত পঢ়াশুনা কৰিছে তেওঁ৷ কম্পিউটাৰ ছায়েন্স বিষয়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰী কলেজত পঢ়িছিল৷ ২০০০ চনৰ পৰা ছেহৱাগৰ সৈতে তেওঁ প্ৰেম৷ ২০০৪ চনত সেই সম্পৰ্কই এটা নাম পায়৷ বীৰু আৰু আৰতিৰ পুত্ৰসন্তান আৰ্যবীৰো ক্ৰিকেটৰ ফিল্ডত নামিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ