অসম লাইভ ২৪ঃ বিশ্বব্যাপি হোৱা ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ বৰ্তমানেও অব্যাহত আছে। এফালে প্ৰায় সকলোবোৰ দেশতেই ক’ৰোনাৰ ভেকচিনেচন অভিযান তীব্ৰ গতিত চলি আছে, আনফালে বিজ্ঞানীসকলে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেনে সময়তে ব্যক্তিৰ শৰীৰত ভাইৰাছৰ অৱস্থিতি খুব কম সময়ত ধৰা পেলাব পৰাকৈ ক্ষুদ্ৰ পৰ্টেবল ভাইৰাছ ডিটেকশ্যন যন্ত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে বিজ্ঞানীসকলে। কেলিফৰ্ণিয়াৰ চল্ক ইনষ্টিটিউটৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছে এই যন্ত্ৰ। ১ মিনিটত ক’ৰোনাৰ অৱস্থিতি টেষ্ট কৰিব পৰা এই যন্ত্ৰটোৰ নাম ‘নিৰ্বাণ’। ক’ৰোনা ভাইৰাছৰ লগতে অন্য ভাইৰাছো ধৰা পেলাব পৰাকৈ সক্ষম ‘নিৰ্বাণ’। কোভিড-১৯ৰ উপৰিও ৰিয়েল টাইমত ইনফ্লুয়েঞ্জাৰ দৰে বিভিন্ন প্ৰকাৰৰ ভাইৰাছৰো পৰীক্ষণ সম্ভৱ ‘নিৰ্বাণ’ৰ জৰিয়তে। লগতে কোভিডৰ ৯৬ বিধ নমুনাৰ পজিটিভ আৰু নিগেটিভ ৰিপৰ্ট প্ৰস্তুত কৰিব পাৰে ‘নিৰ্বাণে’। ‘মেড’ নামৰ এখন পত্ৰিকাত প্ৰকাশিত তথ্য অনুসৰি ব্ৰিটেইনত আৱিষ্কাৰ হোৱা B 1.1.7 ৰ দৰে ক’ৰোনাৰ নতুন প্ৰকাৰো ট্ৰেক কৰিবলৈ সক্ষম হৈছে ‘নিৰ্বাণে’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















