অসম লাইভ২৪ঃ ভৃগু কাশ্যপৰ আজি ওপজা দিন। ওপজা দিনত অনুৰাগীমহলে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে কণ্ঠশিল্পীগৰাকীক। ওপজাদিনৰ প্ৰাকক্ষণত ভৃগু কাশ্যপৰ বহুকেইটা দিশৰ বিষয়ে চৰ্চা চলাইছে নেটিজেনে। জনপ্ৰিয় বহুকেইটা গীতেৰে অসমীয়া সংগীত জগতলৈ অবদান আগবঢ়োৱা ভৃগু কিয় বাৰে বাৰে সমালোচিত হয়? বাৰে বাৰে কিয় ট্ৰল কৰা হয় কণ্ঠশিল্পীগৰাকীক?
ভৃগু কাশ্যপৰ ব্যক্তিত্বক লৈ একাংশ নেটিজেনে সামাজিক মাধ্যমত আগবঢ়াইছে মতামত। ভৃগুক দিছে বিতৰ্কমুক্ত হৈ থকাৰো টিপছ। ভৃগুক কিয় ট্ৰল কৰে, সেই সম্পৰ্কেও নেটিজেনে তুলি ধৰিছে কাৰণ। প্ৰথমেই আছে ভৃগুৰ গীতৰ কথা। ভৃগুৰ গীতৰ কথাত নতুনত্ব নাই তাৰ সলনি ভৃগুৱে উতনুৱা কথাৰেই গীত একোটা সজাই বুলি উল্লেখ কৰিছে নেটিজেনে। অভিনয়ৰ শৈলীক লৈয়ো একাংশই আপত্তি দৰ্শাই।
এজন কণ্ঠশিল্পীয়ে অভিনয় কৰিবই লাগিব বুলিও কথা নাথাকে। ভৃগুৱে অভিনয় জগতত প্ৰৱেশ কৰি নিজকেই ট্ৰল কৰাইছে, ইয়াৰোপৰি মাজে মধ্যে ভৃগুৰ বিৰুদ্ধে বলীউডৰ সংগীতৰ সুৰ চুৰি কৰা বুলিও অভিযোগ আহিছে। সেয়ে সংগীত একোটা কৰাৰ আগতেই ভৃগুৱে এনেবোৰ দিশলৈ নজৰ দিয়াটো প্ৰয়োজন বুলি উল্লেখ কৰিছে নেটিজেনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ