ঠিকেঠাকে খোৱাবোৱা কৰিলে সুস্থ থকা সহজ হৈ পৰে৷ খাদ্যত থকা পুষ্টিগুণে শৰীৰৰ যত্ন ভিতৰৰ পৰা লয়৷ ঘৰ আৰু কৰ্মক্ষেত্ৰ একেলগে মিলাই ৰাখিবলৈ গৈ বহুতে খোৱাবোৱাত অনিয়ম কৰে৷ বহুতে আকৌ ওজন কমোৱাৰ তাগিদাত খাদ্য কমাই খায়৷ সকলো মিলি যিমান খাদ্যৰ প্ৰয়োজন হয় শৰীৰে সেয়া নাপায়৷ ফলত পৰ্যাপ্ত পুষ্টিৰ ঘাটি হয়৷ এনে কিছু লক্ষণ আছে যি দেখিলে বুজা যাব শৰীৰত কি পুষ্টিগুণৰ অভাৱ ঘটিছে?
শৰীৰত কি কি উপসৰ্গ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী?
ফাইবাৰৰ ঘাটিঃ শৰীৰত ফাইবাৰৰ ঘাটি হ’লে কোষ্ঠকাঠিন্যৰ সমস্যা আৰম্ভ হব৷ আৰম্ভণিতে পেট ভৰাই খালেও ভোক লগা লক্ষণে দেখা দিব৷ ইও শৰীৰত ফাইবাৰৰ ঘাটিৰেই উপসৰ্গ হব পাৰে৷
প্ৰটিনৰ ঘাটিঃ শৰীৰত প্ৰটিনৰ ঘাটি হলে সকলোতকৈ আগত প্ৰভাৱ পৰে পেশীৰ ওপৰত৷ পেশী দুৰ্বল হৈ পৰে৷ ইয়াৰোপৰি শৰীৰত প্ৰটিনৰ ঘাটিৰ ডাঙৰ লক্ষণ হৈছে দিনজুৰি ক্লান্তিভাৱ৷ আকৌ পাহৰি যোৱাৰ সমস্যাইয়ো কিন্তু সকলো সময়ত এয়া আলঝাইমাৰ্চৰ লক্ষণ নহয়, ই শৰীৰত প্ৰটিনৰ ঘাটিৰ উপসৰ্গ৷
কেলছিয়ামৰ ঘাটিঃ শৰীৰত কেলছিয়ামৰ ঘাটি মানেই যে হাড়ৰ ক্ষয় আৰম্ভ হব তেনে নহয়৷ নিয়মিত হাত ভৰিৰ আঙুলি ঝিনঝিনাই থকাও শৰীৰত কেলছিয়ামৰ ঘাটিৰ লক্ষণ হব পাৰে৷
জিংকৰ ঘাটিঃ ভোক কমি যোৱা, একো খাবলৈ ইচ্ছা নোহোৱা, শৰীৰত জিংকৰ ঘাটিৰ লক্ষণ হব পাৰে৷ চৰ্দি নহলেও নাকেৰে গোন্ধ নোপোৱা, খালেও সোৱাদ নোপোৱা হ’লে সতৰ্ক হওক৷ ইয়াৰোপৰি কোনো ঘা বহুদিন নুশুকালে সাৱধান হওক৷ ই শৰীৰত জিংকৰ ঘাটিৰ উপসৰ্গ৷
আয়ৰণৰ ঘাটিঃ পুষ্টিবিদৰ মতে শৰীৰত আয়ৰণৰ ঘাটি গলে তাৰ প্ৰভাৱ সকলোৰে আগত পৰে চুলিৰ ওপৰত৷ চুলি সৰা, চকুৰ তলত কলা দাগ পৰিলে সতৰ্ক হওক৷ ই আয়ৰণৰ ঘাটিৰ উপসৰ্গ৷ নিশা ৭-৮ ঘণ্টা টোপনিৰ পাছতো দিনটো ক্লান্ত বোধ কৰিলে সেয়াও ভাল লক্ষণ নহয়৷ শৰীৰত আয়ৰণৰ ঘাটিৰ উপসৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















