অসম লাইভ২৪ঃ ঘৰৰ এটা চুকত এখন চোফাত শুই আছিল গৃহস্থৰ খুবেই মৰমৰ কুকুৰটো। হঠাৎ সি চিঞৰবাখৰ আৰম্ভ কৰে। মালিকৰ কাষলৈ লৰ ধৰে। তাৰ চিঞৰত মালিকেও কিবা এটা উমান পায়। লগে লগেই মালিকজনে টেবুলত তলত সোমাই পৰে। মুহূৰ্ততেই কঁপি উঠে তেওঁলোকৰ থকা ঘৰটোও। চিচিটিভি কেমেৰাত বন্দী হৈ থাকে কুকুৰটোৱে মালিকক ৰক্ষা কৰাৰ দৃশ্য। সেই বিশেষ চিচিটিভি ফুটেজ চায়েই অনুমান কৰিব পাৰি কিমান ভয়ংকৰ আছিল টাইৱানৰ এই ভূঁইকঁপ।
বুধবাৰে পুৱা এই শতাব্দীৰ সকলোতকৈ শক্তিশালী ভূমিকম্পই কঁপাইছে টাইৱান। ঘটনাত প্ৰাণ হেৰুৱাইছে ৯জনকৈ লোকে। আহত হৈছে প্ৰায় ৮০০ লোক। ক্ষতিগ্ৰস্থ একাধিক বিল্ডিং। বন্ধ হৈ পৰিছে টাইৱানৰ ট্ৰেন পৰিসেৱা। ভূমিকম্পৰ পাছতেই ছুনামীৰ সতৰ্কতাও জাৰি কৰিছে প্রশাসনে। ভূমিকম্প বিধ্বস্ত টাইৱানৰেই এক চিচিটিভি ফুটেজে দৃষ্টি কাঢ়িছে এতিয়া বহুজনৰ। কুকুক কিমান প্ৰভুভক্ত সেই কথাও আকৌ এবাৰ ভিডিঅ’টোৱে প্ৰমাণ কৰিছে।
https://x.com/ImRahulAggarwal/status/1775391220514353450?s=20
ভাইৰেল এই ভিডিঅ’ দেখামাত্ৰকেই বহুজনে কমেণ্টো কৰিছে। কোনোৱে কৈছে, এই কুকুৰ সঁচায়ে দেৱদূত। কোনোৱে আকৌ কুকুৰৰ সৈতে থকা নিজা অভিজ্ঞতা ভগাই লৈ লিখিছে, ময়ো এনে অভিজ্ঞতা লাভ কৰিছো। ভূমিকম্পৰ কেই মিনিটমান পূৰ্বেই কুকুৰটোৱে মোক টোপনিৰ পৰা জগাই দিছিল। এগৰাকী বিশেষজ্ঞই দাবী কৰা অনুসৰি কুকুৰসহ অন্যান্য প্ৰাণীয়ে বায়ুমণ্ডলীয় চাপ বা বেৰোমেট্ৰিক চাপ ইলেক্ট্ৰমেগনেটিক ক্ষেত্ৰৰ পৰিবৰ্তন মানুহতকৈ আগতেই অনুভৱ কৰিব পাৰে।
উল্লেখ্য যে ভূমিকম্পৰ বাবে বৰ্তমান পৰ্যন্ত টাইৱানৰ বহু এলেকাত ফোনৰ নেটৱৰ্ক নাই। প্ৰায় ৫০গৰাকীতকৈয়ো অধিক ব্যক্তিক এতিয়াও সংযোগ কৰিব পৰা হোৱা নাই। কয়লা খনিত আৱদ্ধ ৬জন কৰ্মীক উদ্ধাৰৰ চেষ্টা চলাই থকা হৈছে। ভূমিকম্পৰ আফটাৰ শ্বকৰ কাৰণে ৩৫টা ৰাস্তা দুভাগ হৈছে। সেঁতু আৰু টানেলৰো ক্ষতি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ