কাইলৈ ১০ ডিচেম্বৰ ২০২৫ বুধবাৰে চন্দ্ৰই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ কৃষ্ণা ষষ্ঠী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৈধৃতি যোগ আৰু বিষকুম্ভ যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব মঘা নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ আৰু সাফল্য আহিব? জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
১০ ডিচেম্বৰ বৃষ ৰাশিফল
কাইলৈ ১০ ডিচেম্বৰত মঘা নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হব বৃষ ৰাশিৰ জাতক৷ বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ খুলিব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ডাঙৰ লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ ৰবি যোগৰ প্ৰভাৱত আৰ্থিক পৰিস্থিতি কাইলৈ বেছ ভালে থাকিব আপোনাৰ৷
১০ ডিচেম্বৰ মিথুন ৰাশিফল
কাইলৈ ৰবি যোগৰ শুভ ফল থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পাব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ গণেশৰ আশীৰ্বাদত কাইলৈ ব্যৱসায়তো উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ বৈধৃতি যোগৰ প্ৰভাৱত কাইলৈ পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷
১০ ডিচেম্বৰ তুলা ৰাশিফল
১০ ডিচেম্বৰ ধনু ৰাশিফল
ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ দুৰ্দান্ত দিন হব ধনু ৰাশিৰ জাতকৰ৷ বিদেশ যাত্ৰাৰ সময়ত কোনো ডাঙৰ সুযোগ আপোনাৰ সন্মুখলৈ আহিব পাৰে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব ধনু ৰাশিৰ জাতকৰ মাজত৷ সিদ্ধিদাতাৰ আশীৰ্বাদত এনে কোনো কাম কৰিব পাৰে যাৰ বাবে সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷
১০ ডিচেম্বৰ মীন ৰাশিফল
কাইলৈ বুধবাৰে বৈধৃতি যোগৰ শুভ ফল লক্ষ্য কৰিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ উত্তৰাধিকাৰ সূত্ৰে কিছু সম্পত্তি লাভ কৰিব পাৰে৷ আপুনি ভাৱিবও পৰা নাই যে আপোনালৈ এনে সূত্ৰৰ পৰা অৰ্থাগম হব পাৰে৷ পুৰণি কোনো অসুখৰ পৰা ৰেহাই পাব পাৰে৷ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















