• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

6 months ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

1 hour ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

2 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

3 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

4 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

13 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

13 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

14 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

14 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

15 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

15 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

editor by editor
April 9, 2026
in জীৱনশৈলী
0
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাৰধাম যাত্ৰাৰ বাবে কৰি থকা অপেক্ষা শেষ হৈছে তীৰ্থযাত্ৰীসকলৰ৷ ছমাহ বন্ধ থকাৰ পাছত আকৌ খুলিবলৈ সাজু কৰা  হৈছে উত্তৰাখণ্ডৰ চাৰধামৰ দুৱাৰ৷ এই চাৰি ধামৰ চাৰিটা মন্দিৰ হৈছে কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰী৷ হিন্দুধৰ্মত চাৰধাম যাত্ৰাৰ বিশেষ গুৰুত্ব আছে৷ প্ৰতি বছৰে লাখ লাখ পূণ্যৰ্থীয়ে চাৰিধাম যাত্ৰা কৰে৷ জানি থওক এই বছৰ কেতিয়া চাৰধাম যাত্ৰা আৰম্ভ হ’ব?

কেতিয়া খুলিব কেদাৰনাথ আৰু বদ্ৰীনাথৰ দুৱাৰ?

বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ কমিটিয়ে জনাইছে যে ১৯ এপ্ৰিল অক্ষয় তৃতীয়াত খুলিব গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰৰ দুৱাৰ৷ ইয়াৰপাছতেই ২২ এপ্ৰিলত খুলিব কেদাৰনাথ মন্দিৰৰ দুৱাৰ আৰু ইয়াৰ পাছত দিনটোত অৰ্থাৎ ২৩ এপ্ৰিলত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ খোলা হব৷ শীতকালত তুষাৰপাতৰ কাৰণে হিমালয়ৰ গাড়োৱাল এলেকা বৰফেৰে ঢাক খাই থাকে৷ সেই কাৰণে বছৰৰ ছমাহ বন্ধ থাকে চাৰধাম যাত্ৰা৷ ভাইফোঁটাৰ পাছতে চাৰধাম বন্ধ হয় আৰু খোলা হয় অক্ষয় তৃতীয়াত৷

কেদাৰনাথৰ মাহাত্ম্য

উত্তৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থক্ষেত্ৰ হৈছে কেদাৰনাথ মন্দিৰ৷ মন্দাকিনী নদীৰ ধাৰত সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫৮৪ মিটাৰ উচ্চতাত অৱস্থিত কেদাৰনাথ মন্দিৰ৷ ইয়াৰ আদি নাম কেদাৰখণ্ড৷ উত্তৰাখণ্ডৰ চাৰধামৰ অন্তৰ্গত কেদাৰনাথ পঞ্চকেদাৰৰ অন্যতম৷ ই মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম৷ কেদাৰধাম দৰ্শন কৰিলে জন্ম-মৃত্যুৰ চক্ৰাকাৰ শৃঙ্খলাৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷

কেদাৰনাথ ধামৰ উল্লেখ আছে মহাভাৰততো৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত আত্মীয় বধৰ পাপৰ পৰা মুক্তি পাবলৈ মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ কেদাৰনাথলৈ আহে পঞ্চপাণ্ডৱ৷ প্ৰচলিত বিশ্বাস অনুসৰি পাণ্ডৱ ভাতৃসকলেই কেদাৰনাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল৷

বদ্ৰীনাথ মন্দিৰৰ মাহাত্ম্য

শ্ৰীবিষ্ণুৰ ১০৮ টা পূণ্যক্ষেত্ৰৰ অন্যতম বদ্ৰীনাথ ধাম৷ বিষ্ণুভক্তসকলৰ ওচৰত এই তীৰ্থক্ষেত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিষ্ণুৰ চাৰধামৰ অন্যতম বদ্ৰীনাথ৷ দেশৰ চাৰিওফালে বিষ্ণুৰ চাৰধাম হৈছে উত্তৰে বদ্ৰীনাথ, দক্ষিণে ৰামেশ্বৰম, পূবে জগন্নাথ আৰু পশ্চিমে দ্বাৰকা৷ পঞ্চবদ্ৰীৰ অন্যতম বদ্ৰীনাথ মন্দিৰ৷

বদ্ৰীনাথৰ মাহাত্ম্য

বদ্ৰীনাথ ধামত শ্ৰীবিষ্ণুৱে বদ্ৰীনাৰায়ণ ৰূপে বিৰাজ কৰে৷ স্কন্দ পুৰাণত বদ্ৰীনাথ ধাম বদ্ৰীকাশ্ৰম নামে উল্লেখিত৷ প্ৰচলিত বিশ্বাস, ইয়াত নৰনাৰায়ণ ৰূপ লৈ ধ্যান কৰিছিল স্বয়ং বিষ্ণুৱে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক এক বদ্ৰী গছৰ তলত আশ্ৰয় দিয়ে মা লক্ষ্মীয়ে৷ অষ্টম শতকত এই মন্দিৰৰ পুনঃপ্ৰতিষ্ঠা কৰে আদি শঙ্কৰাচাৰ্যই৷ বদ্ৰীনাথ ধাম দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.