অক্টোবৰ ২০২৪ৰ দ্বিতীয় সপ্তাহত থাকিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ আগন্তুক সপ্তাহত পালিত হ’ব দুৰ্গাপূজা৷ ৭অক্টোবৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত তুলা ৰাশিত যুঁটি গঠন কৰিছে বুধ আৰু শুক্ৰ৷ ইয়াৰ ফলত আগন্তুক সপ্তাহত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷
মেষ ৰাশি
অক্টোবৰৰ দ্বিতীয় সপ্তাহ সৌভাগ্য পূৰ্ণ হ’ব মেষ ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই কৰোবাত ফুৰিবলৈ যাব পাৰে আপুনি৷ এই যাত্ৰা আপোনাৰ বাবে সুখকৰ হ’ব৷ চাকৰিয়ালেও সাফল্য লাভ কৰিব দুৰ্গাপূজাৰ সময়ত৷ দেৱী দুৰ্গাৰ কৃপাত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ যি প্ৰমোছনৰ বাবে আপুনি অপেক্ষা কৰিছিল সেই সাফল্য লাভ কৰিবই৷
সিংহ ৰাশি
অক্টোবৰৰ দ্বিতীয় সপ্তাহত সৌভাগ্যৰ দুৱাৰ খুলিব সিংহ ৰাশিৰ জাতকৰ৷ এই সপ্তাহত সকলো কামতে সৌভাগ্য লাভ কৰিব আপুনি৷ যিসকলে বিদেশত চাকৰি কৰি আছে তেওঁলোকৰ বাবেও এই লাভজনক৷ আপোনাৰ কেৰিয়াৰত উন্নতিৰ পথৰ সকলো বাধা এই সময়ত দূৰ হ’ব৷ যিসমূহ সমস্যাত দীৰ্ঘদিন ধৰি ভূগি আছে সেইয়া আগন্তুক সপ্তাহত দূৰ হ’ব৷ বিৰোধীয়ে চেষ্টা কৰিলেও আপোনাৰ ক্ষতি কৰিব নোৱাৰিব৷
তুলা ৰাশি
দুৰ্গাপূজাৰ সপ্তাহতেই সৌভাগ্যৰ শীৰ্ষত থাকিব তুলা ৰাশিৰ জাতক৷ তুলা ৰাশিতেই গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ফলত এই ৰাজযোগৰ শুভ ফল লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সপ্তাহত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব আপুনি৷ এটাৰ পাছত আনটো লাভ পাব আপুনি৷ বিশেষকৈ ৰাজনীতিৰ সৈতে যিসকল জড়িত হৈ আছে তেওঁলোকে এই সপ্তাহত বৃহৎ সাফল্য পাব৷
বৃশ্চিক ৰাশি
অক্টোবৰৰ দ্বিতীয় সপ্তাহত মা দুৰ্গাৰ আশীৰ্বাদ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ ইয়াৰ ফলত কেৰিয়াৰ সংক্ৰান্তিয় বৃহৎ সাফল্য লাভ কৰিব আপুনি৷ সপ্তাহৰ আৰম্ভণিতেই কোনো সুখবৰ পাব পাৰে৷ কৰ্মৰত মহিলাইয়ো বৃহৎ সাফল্য লাভ কৰিব৷ প্ৰতিযোগিতামূলৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে সাফল্য লাভ কৰিব৷ স্বাস্থ্য সংক্ৰান্তিয় ভাল খবৰ পাব৷ প্ৰেমৰ দিশৰ পৰা আগন্তুক সপ্তাহটো শুভ৷
মীন ৰাশি
অক্টোবৰৰ দ্বিতীয় সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত সৌভাগ্যত সোনৰ চমক লাগিব মীন ৰাশিৰ জাতকৰ৷ এই সপ্তাহত আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ যি কাম আপুনি বহুদিন ধৰি কৰি আছে তাৰ ফল এইবাৰ লাভ কৰিব৷ পৰিয়ালৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব৷ মাটি বাৰী সংক্ৰান্তীয় সুখবৰ লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















