সোমবাৰ ৫মে’ৰ পৰা আৰম্ভ হ’ব নতুন সপ্তাহ৷ সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ গজকেশৰী ৰাজযোগ৷ সিংহ ৰাশিত বৃষ আৰু চন্দ্ৰৰ যুঁটিৰ ফলত এই যোগ গঠিত হ’ব৷ ইয়াৰ ফলত মে মাহৰ আৰম্ভণিতে এই সপ্তাহত চাৰিওফালৰ পৰা উন্নতি হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ আগন্তুক সপ্তাহত চাকৰিত উন্নতি কৰিব পাৰিব এইকেইটা ৰাশিৰ জাতকে৷ ব্যৱসায়ত বৃহৎ লাভ কৰাৰ যোগ আছে৷ সাংসৰিক জীৱনতো সুখ আৰু শান্তি থাকিব৷ জানি থওক ৫মে’ৰ পৰা ১১ মে’ৰ ভিতৰত এই সপ্তাহত সম্পদ আৰু প্ৰতিপত্তি লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ কাৰ্যালয়ত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰলৈ আহিব মেষ ৰাশিৰ জাতক৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰো যোগ আছে৷
বৃষ ৰাশি
৫মে ৰ পৰা ১১ মে’ৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে বৃষ ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে৷ চৰকাৰী কামত আপোনাৰ বাধা থাকিলে এইবাৰ সেই সমস্যা দূৰ হব৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ পাব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷ স্বাস্থ্য ভালে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















