সোমবাৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে এই সপ্তাহতে আছে তিনিটাকৈ ৰাজযোগ৷ এই তিনি ৰাজযোগ গঠিত হৈ সৌভাগ্য চমকি উঠিব কেইবাটাও ৰাশিৰ জাতকৰ৷ চলিত সপ্তাহত যি তিনিটা ৰাজযোগৰ প্ৰভাৱ লক্ষ্য কৰা যাব সেইসমূহ হৈছে ভাদ্ৰ ৰাজযোগ, ৰুচক ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ মেষ ৰাশিত মঙ্গলৰ গোচৰৰ ফলত ৰুচক ৰাজযোগ গঠিত হ’ব৷ ইয়াৰপাছতেই মিথুন ৰাশিত বুধৰ গোচৰৰ কাৰণে গঠিত হ’ব ভাদ্ৰ ৰাজযোগ৷ আৰু শুক্ৰ আৰু বুধে মিথুন ৰাশিত একত্ৰ অৱস্থান কৰি লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠন কৰিব৷ এই সপ্তাহত তিনিটা ৰাজযোগৰ প্ৰভাৱত ৭ জুনলৈকে কোন কোন ৰাশিৰ ভাগ্য উজলি থাকিব জানি থওক?
মেষ ৰাশি
চলিত সপ্তাহত সুন্দৰ সময় কটাব মেষ ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ সাংসৰিক সুখ সমৃদ্ধি বাঢ়িব৷ চলিত সপ্তাহত আপুনি এনে কিছু সুযোগ পাব যিয়ে আপোনাৰ ভৱিষ্যতক সুৰক্ষিত কৰিব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷ আৰ্থিক অৱস্থাৰো উন্নতি হ’ব৷ শান্ত মগজুৰে সিদ্ধান্ত লওক৷
মিথুন ৰাশি
চলিত সপ্তাহে মিথুন ৰাশিৰ জাতকৰ বাবেও সন্মান আৰু প্ৰতিপত্তি কঢ়িয়াই আনিব৷ চাকৰিয়ালে নতুন প্ৰকল্পৰ দায়িত্ব পাব৷ কৰ্মক্ষেত্ৰত আপুনি নিজকে আৰু সুন্দৰভাৱে প্ৰতিস্থাপন কৰিব পাৰিব৷ আৰ্থিকভাৱেও চলিত সপ্তাহ আপোনাৰ বাবে অত্যন্ত শুভ হ’ব৷ হাতলৈ অতিৰিক্ত ধন আহিব৷ প্ৰেমৰ সম্পৰ্ক মজবুত হ’ব৷
সিংহ ৰাশি
চলিত সপ্তাহ সুখ সমৃদ্ধিৰে ভৰপুৰ হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সৃজনশীল কামৰ সৈতে যুক্তসকলে প্ৰচুৰ সাফল্য পাব৷ নিজৰ কামত আপুনি সন্তুষ্ট থাকিব৷ কেৰিয়াৰত চলিত সপ্তাহত ব্ৰেকথ্ৰু পাব৷ আপোনাৰ আশেপাশে পৰিস্থিতি উন্নত হ’ব৷ সাংসৰিক সমস্যা দূৰ হ’ব৷
তুলা ৰাশি
১ জুনৰ পৰা আৰম্ভ হোৱা সপ্তাহত মন ভৰপুৰ আনন্দেৰে পূৰ্ণ থাকিব৷ প্ৰবীণসকলৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷ জীৱনত শান্তি পাব তুলাৰ জাতকে৷ ৰোমান্স থাকিব ভৰপুৰ৷ স্বাস্থ্য ভালে থাকিব৷ সকলো মিলি আগন্তুক সপ্তাহ বেছ ৰিলেক্স কৰি কটাব৷ সকলো কামতে বেছি এনাৰ্জি পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকে চলিত সপ্তাহত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত কিছু পৰিবৰ্তন আহিব৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পৰিয়াল আৰু বন্ধুৰ পৰা প্ৰয়োজনীয় সমৰ্থন পাব৷ আৰ্থিক লাভ হ’ব৷ ইয়াৰ ফলত বেংক বেলেন্স বাঢ়িব পাৰে৷ জীৱনত প্ৰেম থাকিব৷ স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















