অসম লাইভ ২৪ঃ সীমিত সা-সুবিধাৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সাজু হৈছে অসমৰ ভাৰত্তোলক মৃদুস্মিতা বৰুৱা। মৰিয়নিৰ মৃদুস্মিতা বৰুৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰত্তোলক। মৰিয়নিৰ নকছাৰী চুঙি লাহিং গাওঁৰ ঘনশ্যাম বৰুৱা আৰু কবিতা বৰুৱাৰ কন্যা মৃদুস্মিতা বৰুৱাই ২০১৪ চনৰ পৰা ভাৰত্তোলন খেলৰ সৈতে জড়িত হৈ আছে। খেলুৱৈগৰাকীয়ে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি সোন, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইফালে চলিত বৰ্ষৰ ৯ আগষ্টৰ পৰা পাঞ্জাবৰ পাতিয়ালাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ভাৰত্তোলন প্ৰতিযোগিতাৰ বাবে ঘৰতেই সীমিত সা-সুবিধাৰে অনুশীলন চলাই গৈছে মৃদুস্মিতাই। কিন্তু লকডাউনৰ ফলত বৰ্তমান খেলুৱৈগৰাকীয়ে সঠিকভাৱে নিজকে প্ৰতিযোগিতাখনলৈ সাজু কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। ৮৭ কেজি শাখাত খেলা প্ৰতিভাৱান খেলুৱৈগৰাকীক শাৰিৰীক অনুশীলনৰ বাবে উন্নতমানৰ ব্যায়ামাগাৰ প্ৰয়োজন যদিও লকডাউন তথা আৰ্থিকভাৱে দুৰ্বল অৱস্থাৰ বাবে খেলুৱৈগৰাকীৰ পক্ষে সেয়া সম্ভৱ হৈ উঠা নাই। ফলত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনলৈ নিজকে সাজু কৰা ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মৃদুস্মিতা। তাৰ মাজতো পূৰ্ণোদ্যমে অনুশীলন অব্যাহত ৰাখিছে খেলুৱৈগৰাকীয়ে। অনুশীলনত ব্যস্ত থকা কন্যাৰ সুবিধা হোৱাকৈ স্কটৰ বাবে প্ৰয়োজনীয় ষ্টেণ্ড লোহাৰ পৰিৱৰ্তে বাঁহেৰে নিৰ্মান কৰি দিছে পিতৃয়ে। উল্লেখ্য, পূৰ্বে শিৱসাগৰৰ এখন দোকানত চেলছ গাৰ্লৰূপে কৰ্মৰত আছিল খেলুৱৈগৰাকী। দৰমহাৰ টকাৰে প্ৰশিক্ষণ তথা ব্যায়ামগাৰৰ খৰচ উলিয়াইছিল যদিও লকডাউনৰ বাবে চাকৰি হেৰুৱাব লগা হোৱাত এতিয়া সীমিত সুবিধাৰে অনুশীলন চলাবলগীয়া হৈছে বুলি দুখ প্ৰকাশ কৰে মৃদুস্মিতাই। তদুপৰি, স্নাতক ডিগ্ৰীধাৰী মৃদুস্মিতাই এটা চাকৰিৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় ৰাজ্য চৰকাৰক।
দীপক দত্ত, অসম লাইভ-২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















