কথাতেই কোৱা হয় শান্তিৰ টোপনি৷ নিশ্চিন্ত নিদ্ৰা সকলোৰে দৈনন্দিন জীৱনৰ পৰম কাঙ্খিত এক পৰ্বই টোপনি৷ দিনৰ এক নিৰ্দিষ্ট সময়ত শুব পাৰিলেই এনে লাগে যেন আমি পৃথিৱীৰ অন্যতম সুখী মানুহ৷ কাৰণ নিদ্ৰাহীনতাত ভূগি থকা মানুহৰ সংখ্যাও এতিয়া বাঢ়িব ধৰিছে৷ অৱশ্যে এই প্ৰতিবেদন মানুহৰ টোপনিক লৈ নহয়৷ আজি আমি এই প্ৰতিবেদনত আলোচনা কৰিব খুজিছো পৃথিৱীৰ বৃহত্তম স্তন্যপায়ী প্ৰাণী তিমিৰ কথা৷ তেওঁলোকৰ জীৱনৰ টোপনিৰ বিষয়টো একেবাৰে ভিন্ন৷ নিশ্চিত টোপনি মানেই তিমিৰ জীৱনৰ শেষ দিন৷ ঠিকেই ভাৱিছে৷ তিমিয়ে জীৱনকালত কেতিয়াও টোপনি নাযায়৷ কাৰণ টোপনি যোৱা মানেই মৃত্যু৷ কিন্তু কিয় তিমিৰ জীৱনত এনে বিপাক?
বিজ্ঞানীয়ে তিমিৰ এই বিপাকক বৈ বিস্তৃত বাখ্যা কৰিছে৷ তিমিয়ে টোপনি গলেই মস্তিষ্কৰ সম্পূৰ্ণ অংশই কেতিয়াও বিশ্ৰাম নলয়৷ জাগ্ৰত থাকে মস্তিষ্কৰ আধা অংশ৷ সেই অৰ্থজাগৰিত অৱস্থাই তিমিক চৌপাশৰ পৰিবেশ আৰু আসন্ন বিপদ সম্পৰ্কে সজাগ কৰি ৰাখে৷ এই পদ্ধতিক কোৱা হয় ইউনিহেমিস্ফেৰিক শ্লিপ৷ ইয়াৰ নিয়ম হৈছে যেতিয়া মস্তিষ্কৰ এটা অংশই বিশ্ৰামত যায় তেতিয়া আনটো অংশ সক্ৰিয় হৈ পৰে৷ সাধাৰণতে দিনৰ বেলা ঘূমন্ত অৱস্থাতেই তিমি ভাহি ফুৰে৷ গৱেষণাই কৈছে শিশু তিমিৰ এই বিশ্ৰামচক্ৰ মাতৃৰ ওপৰত নিৰ্ভৰ কৰে৷ সাধাৰণতে মাতৃৰ সময়মতেহে শিশু তিমি একোটাই টোপনি মাৰে৷ পৰবৰ্তী সময়ত যেতিয়া ডাঙৰ হৈ যায় তেতিয়া নিজৰ এক ৰুটিন তৈয়াৰ কৰি লয়৷
কেৱল তিমিয়েই নহয় আৰু এক সামুদ্ৰিক প্ৰাণী ডলফিনৰো বিশ্ৰাম এই ইউনিহেমিস্ফেৰিক শ্লিপ পদ্ধতিৰেই হয়৷ বটলনোছ ডলফিনে সাঁতুৰি ফুৰা বা পানীত ভাহি ফুৰাৰ সময়ত বিশ্ৰামতেই থাকে৷ সমগ্ৰ জীৱন পানীত কটোৱাৰ বাবে তেওঁলোকে টোপনিতো নিজৰ ভাৰসাম্য ধৰি ৰাখে৷ কোৱা হয় তিমি আৰু ডলফিনৰ এই টোপনিৰ পদ্ধতি পানীত বাচি থকাৰ এক গুৰুত্বপূৰ্ণ কঠিন পদ্ধতি৷ কাৰণ তেওঁলোকৰ মস্তিষ্ক সম্পূৰ্ণৰূপে বিশ্ৰামত যোৱাৰ অৰ্থই এই প্ৰাণীৰ মৃত্যু৷ ইয়াৰপৰাই প্ৰমাণ হয় কি বিচিত্ৰ প্ৰকৃতিৰ সৃষ্টি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















