• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

6 months ago
“শহুৰৰ ঘৰৰ মানুহে মোক কষ্ট দিছে!” ভিডিঅ’ প্ৰস্তুত কৰি যুৱকৰ মৃত্যু

“শহুৰৰ ঘৰৰ মানুহে মোক কষ্ট দিছে!” ভিডিঅ’ প্ৰস্তুত কৰি যুৱকৰ মৃত্যু

46 minutes ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

২৪ ঘণ্টাৰ বাবে বন্ধ সকলো পেট্ৰ’ল পাম্প, আজি তেল নাপাব গ্ৰাহকে!

1 hour ago
ভাগ্যই দেখুৱাব চমৎকাৰ! আপুনিও নেকি সেই ভাগ্যৱান ৰাশি?

ভাগ্যই দেখুৱাব চমৎকাৰ! আপুনিও নেকি সেই ভাগ্যৱান ৰাশি?

2 hours ago
ভাগ্যৰ চক্ৰ ঘূৰিব, কাৰ কাৰ সলনি হ’ব জীৱন? জানক দৈনিক ৰাশিফল

ভাগ্যৰ চক্ৰ ঘূৰিব, কাৰ কাৰ সলনি হ’ব জীৱন? জানক দৈনিক ৰাশিফল

3 hours ago
ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

11 hours ago
মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?

মিঠাইত লগোৱা ৰূপৰ প্ৰলেপ নিৰামিষ নে আমিষ?

12 hours ago
২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ

২ বিদেশী মহিলাৰে অপকৰ্ম! পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ নাতিৰ বিৰুদ্ধে অভিযোগ

12 hours ago
অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ

অনিৰুদ্ধৰে SRHৰ CEO কাব্য মৰাণৰ দ্বিতীয় ইনিংছ

13 hours ago
একেলগে জ্বলিল ৩ বন্ধুৰ চিতা! অজিত-জিতু-শিৱৰ মৃত্যুৰ বাবে দায়ী কোন?

একেলগে জ্বলিল ৩ বন্ধুৰ চিতা! অজিত-জিতু-শিৱৰ মৃত্যুৰ বাবে দায়ী কোন?

13 hours ago
চৰ্চিত মহিলাৰ সন্তানৰ পিতৃ কোন? চাকৰিৰ প্ৰলোভনেৰে কোনে কৰিছিল নিৰ্যাতন?

চৰ্চিত মহিলাৰ সন্তানৰ পিতৃ কোন? চাকৰিৰ প্ৰলোভনেৰে কোনে কৰিছিল নিৰ্যাতন?

14 hours ago
বাহনত এতিয়াই ভৰাই লওঁক পেট্ৰ’ল-ডিজেল

বাহনত এতিয়াই ভৰাই লওঁক পেট্ৰ’ল-ডিজেল

15 hours ago
সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ! ৬ টকা পৰ্যন্ত বৃদ্ধি গাখীৰৰ দাম

সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ! ৬ টকা পৰ্যন্ত বৃদ্ধি গাখীৰৰ দাম

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন...পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

editor by editor
May 4, 2026
in অসম, জীৱনশৈলী, ৰাজনীতি
0
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ভৱামতে একোৱেই নহ’ল৷ সপোন আধৰুৱা হ’ল৷ যোৰহাটবাসীয়ে যোগ্য জনপ্ৰতিনিধি বুলি মানি নল’লে গৌৰৱ গগৈক৷ তাৰেই প্ৰমাণ গৌৰৱৰ দৰে জনপ্ৰিয় প্ৰাৰ্থীৰ প্ৰায় ২৩হাজাৰৰো অধিক ভোটত পৰাজয়বৰণ৷ এই পৰাজয়ক বিনম্ৰতাৰে গ্ৰহণো কৰিছে গৌৰৱ গগৈয়ে৷ গৌৰৱে এই পৰাজয়ক লৈ সামাজিক মাধ্যমত লিখিছে দীঘলীয়া পোষ্ট৷
গৌৰৱে লিখিছে,‘আজি ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। লগতে, যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে, তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এই নিৰ্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, তেওঁলোকে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব।
আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ’ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্তও মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাইজৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম আৰু চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ ক্ষেত্ৰত আমি সদায়েই ৰাইজৰ পক্ষত থাকি বিৰোধীতা কৰি যাম।
নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাৰ লগতে বিগত কেইবামাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ প্ৰতি যি অকৃত্ৰিম মৰম, চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই অটল বিশ্বাস, সমৰ্থন আৰু উৎসাহেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি।
ইয়াৰ লগতে, এই নিৰ্বাচনত দিন-ৰাতি একাকাৰ কৰি বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাপে দলৰ বাবে নিষ্ঠাৰে কাম কৰা প্ৰতিগৰাকী কৰ্মীলৈ আমি আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু অটল বিশ্বাসেই আমাৰ শক্তিৰ মূল ভিত্তি। কঠিন পৰিস্থিতিৰ মাজতো আপোনালোকে যি ধৈৰ্য্য, একতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু সাহসৰ বিষয় হৈ থাকিব। আগন্তুক দিনবোৰতো আপোনালোকৰ আশীৰ্বাদ, সহযোগিতা আৰু সমৰ্থন লাভ কৰিম বুলি আশা কৰিলোঁ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। কিন্তু আদৰ্শৰ এই যুঁজখনত আমি সদায়েই অটল থাকিম আৰু ৰাইজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম। পৰৱৰ্তী সময়ত দলৰ শীৰ্ষ নেতৃত্বই দলৰ যি দায়িত্ব পালন কৰিবলৈ দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই সাজু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
অসম

২৪ ঘণ্টাৰ বাবে বন্ধ সকলো পেট্ৰ’ল পাম্প, আজি তেল নাপাব গ্ৰাহকে!

November 12, 2026
ভাগ্যই দেখুৱাব চমৎকাৰ! আপুনিও নেকি সেই ভাগ্যৱান ৰাশি?
জীৱনশৈলী

ভাগ্যই দেখুৱাব চমৎকাৰ! আপুনিও নেকি সেই ভাগ্যৱান ৰাশি?

November 12, 2026
ভাগ্যৰ চক্ৰ ঘূৰিব, কাৰ কাৰ সলনি হ’ব জীৱন? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

ভাগ্যৰ চক্ৰ ঘূৰিব, কাৰ কাৰ সলনি হ’ব জীৱন? জানক দৈনিক ৰাশিফল

November 12, 2026
ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!
অসম

ফাঁচী বজাৰত অসমীয়া ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ অনা অসমীয়াৰ!

November 11, 2026
Next Post
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ'ব জীৱনৰ সকলো সমস্যা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.