আঁঠ দিনৰ যাত্ৰা দিঘলীয়া হৈ হৈছেগৈ ৯মাহ৷ অৱশেষত দীৰ্ঘ সময় মহাকাশত কটাই পৃথিৱীলৈ উভতি আহিছে নভোশ্চৰ সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱতি নিশা ৩.২৮ মিনিটত ফ্লৰিডাৰ সমুদ্ৰত অৱতৰণ কৰিছে তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন যানে৷ পৃথিৱীলৈ উভতি আহিলেও সহজে স্বাভাৱিক জীৱন জীয়াব নোৱাৰিব সুনীতাসহ অইন নভোশ্চৰ কেইগৰাকীয়ে৷ ইয়াৰ কাৰণ এটাই যে তেওঁলোকে দীৰ্ঘসময় মধ্যাকৰ্ষণ শক্তিবিহীন জীৱনযাপন কৰি আহিছে৷
সাধাৰণতে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ অভিযানসমূহ অন্তত ছমাহৰ বাবে থাকে৷ ফলত নাছাৰ এজন মহাকাশচাৰীৰ ওপচত আই এছ এছৰ কামৰ দায়িত্ব দিয়া হয় খুব বেছি ছমাহৰ বাবে৷ এই দীৰ্ঘ সময়ত মানৱদেহৰ শৰীৰবৃত্তীয় নানান পৰিবৰ্তন হয়৷ পৃথিৱীলৈ উভতি অহাৰ পাছত মহাকাশচাৰীৰ শৰীৰ দুৰ্বল হৈ পৰে৷ অনিবাৰ্য কাৰণৰ বাবে পূৰ্বে মহাকাশ ষ্টেচনত নভোশ্চৰসকলে ছমাহ সময় একেলগে কটাইছে যদিও তাতকৈ বেছি সময় সাধাৰণতে থকা নাই৷ মাৰ্কিন মহাকাশচাৰী বুচ উইলমোৰ আৰু সুনীতাৰ ক্ষেত্ৰত অৱশ্যে কথাটো কিছু পৃথক হল৷ তেওঁলোক দুয়োৱে ৯মাহ সময় তাত কটাইছে৷ এই ৯ মাহত বিশেষকৈ সুনীতাৰ শৰীৰত দুৰ্বলতাৰ ছায়া ফুটি উঠিছে৷ মানৱদেহে যিহেতু মধ্যাকৰ্ষণহীন পৰিস্থিতিত কাম কৰিবলৈ ৰাজী নাথাকে সেয়ে মহাকাশৰ মধ্যাকৰ্ষণশূন্যতাৰ সৈতে খাপ খাবলৈ সময় লাগে নভোশ্চৰসকলক৷ দেখা গৈছে শাৰীৰিক সমস্যাও৷ যি খুব উদ্বেগৰ নহলেও একেবাৰে চিন্তা নথকাও নহয়৷ সুনীতা আৰু অইন তিনি নভোশ্চৰে পৃথিৱীলৈ আহি কি কি সমস্যাৰ সন্মুখীন হব পাৰে?
স্পেছ ছিকনেছ
বিশেষজ্ঞই জনাইছে মহাকাশৰ মাইক্ৰগ্ৰেভিটি পৰিস্থিতিত শৰীৰৰ ভিতৰৰ তৰল আৰু ৰক্তচাপৰ ওপৰত প্ৰভাৱ পৰে৷ শৰীৰৰ তৰল পদাৰ্থ ওপৰৰ দিশলৈ উঠি থাকে৷ ফলত মস্তিষ্কত ফ্লুইড বা তৰল জমা হয়৷ মুখমণ্ডল ফুলি থাকে, ক্ৰমশ ৰোগীয়াও হৈ পৰে শৰীৰ৷ ভৰিয়ে কাম কৰিবলৈ পাহৰাৰ দৰে হয়৷ নানান শৰীৰবৃত্তীয় প্ৰক্ৰিয়াতো খেলিমেলি ঘটে৷ ইয়াৰ ফলত মহাকাশলৈ যোৱাৰ পাছত বেছিভাগ মহাকাশচাৰীৰেই প্ৰথমে বমি ভাৱ, মূৰ ঘূৰোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷ ইয়াকেই কোৱা হয় স্পেছ ছিকনেছ৷ শূন্য মধ্যাকৰ্ষণৰ কাৰণে কমি থাকে হাড়ৰ ওজন, ভঙ্গুৰো হৈ পৰে হাঁড় যি এষ্টিয়োপৰচিছপ অন্য এক নামান্তৰ৷ সকলোবোৰৰ পৰা নিজকে ঠিকে ৰাখিবলৈ আন্তৰ্জাতিক মহাকাশ ষ্টেচনত প্ৰতিদিনে কেইঘণ্টা কাম কৰাৰ পাছতেই ব্যায়াম কৰিব লাগে মহাকাশচাৰীয়ে৷ এই সকলো নিয়ম মানি চলিলে মুটামুটি সুস্থ শৰীৰেৰেই পৃথিৱীলৈ উভতি আহে মহাকাশচাৰীসকল৷
দৃষ্টিশক্তি হ্ৰাস পোৱা
মহাকাশৰ ওজন শূন্যতাত চকুৰ মণিৰ আকাৰো সলনি হৈ পৰে৷ ৰেটিনাৰ গঠনগত পৰিবৰ্তন হয়৷ চকুত ৰক্ত সঞ্চালনো কমি যায়৷ কেতিয়াবা দৃষ্টিশক্তিও কমি যায় মহাকাশচাৰীৰ৷
বেবী ফিট
দীৰ্ঘ কাল আই এছ এছৰ শূন্য মধ্যাকৰ্ষণত উপঙি থকাৰ দৰে থকাৰ বাবে ভৰি মাটিৰ সংস্পৰ্শলৈ নাহে৷ ফলত ভৰিৰ তল নৰম হৈ শিশুৰ ভৰিৰ দৰে সংবেদনশীল হৈ উঠে৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক বেবি ফিট বুলি কোৱা হয়৷ ইয়াৰ ফলত পৃথিৱীত উভতি অহাৰ প্ৰথম কেইদিন চলাফিৰা কৰিব নোৱাৰে৷
কৰ্কটৰ আশংকা
মহাজাগতিক ৰশ্মি আৰু ক্ষতিকৰ সৌৰ বিকিৰণৰ পৰা ৰক্ষা পোৱাৰ বাবে পৃথিৱীৰ বায়ুমণ্ডল আৰু চৌম্বক ক্ষেত্ৰ আছে৷ কিন্তু মহাকাশত তেনে কোনো আৱৰণ নাই৷ ফলত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত সকলো সময়তেই বিকিৰণৰ সংস্পৰ্শতেই থাকিব লাগে মহাকাশচাৰীসকল৷ দীৰ্ঘ কাল ক্ষতিকৰ বিকিৰণৰ সংস্পৰ্শত থাকিলে কৰ্কটৰ আশংকা বাঢ়ি যায়৷ ক্ষতিকৰ বিকিৰণত শৰীৰ কিমান শোষিত হৈছে সেয়া মপাৰ বাবে সৰ্বক্ষণ দেহত ডোচিমিটাৰ নামৰ এক যন্ত্ৰ পিন্ধি থাকে মহাকাশচাৰীসকলে৷ নাছাই কৈছে নভোশ্চৰৰ দেহত যে মাৰণৰোগে বাঁহ বান্ধিবই তেনে কোনো কথা নাই৷ মহাকাশচাৰীসকলৰ কৰ্কটৰ আশংকা সাধাৰণ মানুহতকৈ মাত্ৰ ৩শতাংশ বেছি৷
এইসমূহ হৈছে মহাকাশত থকা সময়ত মানৱদেহত দেখা দিয়া সমস্যা৷ কিন্তু ইয়াতেই শেষ হৈছে তেনে নহয়৷ দীৰ্ঘ কাল মহাকাশত কটোৱাৰ পাছত পৃথিৱীলৈ উভতি আহি আকৌ শৰীৰৰ পৰীক্ষা কৰোৱাব লাগে মহাকাশচাৰীসকলে৷
স্পেছ ক্ৰু-৮ মিছনৰ কমাণ্ডাৰ মেথিউ ডমিনিকে জনাইছে যে কেতিয়াবা কেতিয়াবা পৃথিৱীলৈ উভতি অহাৰ পাছত সুস্থ হবলৈ সপ্তাহ কিংবা মাহো লাগি যায় নভোশ্চৰসকলৰ৷ মেথিউৰে কয়, ‘কেৱলমাত্ৰ অস্থিৰ হৈ পৰা কিংবা মূৰ ঘূৰোৱাই নহয় কেতিয়াবা কেতিয়াবা কাঠৰ চকীত বহাৰ দৰে সামান্য কামো যন্ত্ৰণাদায়ক হৈ উঠে৷’ পৃথিৱীলৈ উভতি অহাৰ কেইবাদিন পাছত পৰিয়ালৰ সৈতে এক নৈশভোজত অংশ লৈছিল মেথিউয়ে৷ এতিয়াও সেই কথা মনত পৰিলে শিয়ঁৰি উঠে তেওঁ৷ তেওঁ কয়, ‘মই উভতি আহি চকীতো বহিব পৰা নাছিলো৷ শেষত বাৰান্দাৰ বাহিৰত মাটিত বহি কোনোমতে শুই পৰিছিলো৷’
বিগত সপ্তাহত নিজৰ মহাকাশত কটোৱাৰ সময়ৰ অভিজ্ঞতা ভাগ কৰি লৈছিল নাছাৰ আন এগৰাকী মহাকাশচাৰী জেছিকা মেয়াৰে৷ ২০১৫-২০১৬ চনত মহাকাশ ষ্টেচনত ৩৪০ দিন কটাইছিল নাছাৰ আৰু এগৰাকী নভোশ্চৰ স্কট কেলিয়ে৷ ইমানদিন মহাকাশত থকাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘ গৱেষণা হৈছিল৷ ইয়াৰ বাবে সংগ্ৰহ কৰা হৈছিল পৃথিৱীত থকা স্কটৰ যমজ ভাতৃ মাৰ্ক কেলিৰ নমুনাও৷ সেই গৱেষণাত দেখা গৈছিল যে ইমান দিন মহাকাশত থকাৰ ফলত স্কটৰ শৰীৰত নানান পৰিবৰ্তন হৈছে৷ দেহৰ কোনো কোনো কোষত ডি এন এৰ মিউটেচন বা গঠনগত স্থায়ী পৰিবৰ্তন হৈছে৷ পৰীক্ষাত আৰু দেখা গৈছিল যে মাইক্ৰোবায়োমত নতুন ধৰণৰ বেক্টেৰিয়াও জন্ম হৈছে৷ সলনি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















