অসম লাইভ ২৪ঃ তালিবান চৰকাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক কি হ’ব? ভাৰতে স্বীকৃতি দিবনে তালিবান চৰকাৰক? দিলেও ভাৰতৰ কূটনীতিৰ প্ৰসংগ কিমান দূৰ সফল হ’ব? সম্প্ৰতি এনে বহু প্ৰশ্নৰ উত্থাপন হৈছে ভাৰতৰ সন্মুখত। ভাৰতে এই প্ৰসংগত বৰ্তমানলৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই বুলি মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। সম্প্ৰতি কাবুলৰ সঘনাই পৰিৱৰ্তিত পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে ভাৰতে। আফগানিস্তানত আবদ্ধ ভাৰতীয়ক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা সন্দৰ্ভত চিন্তাচৰ্চা কৰি আছে ভাৰতে। ইতিমধ্যে বহু লোকক ভাৰতলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ শীৰ্ষ বিষয়াৰে এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে। এই বিষয়ত তালিবান নেতৃত্বৰ সৈতে ভাৰতৰ আলোচনা সম্পন্ন হৈছে। কিন্তু আগন্তুক দুদিনৰ ভিতৰত আফগানিস্তানত চৰকাৰ গঢ়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব তালিবানে। যুদ্ধকালীন তৎপৰতাৰে আগবাঢ়িছে তালিবান। এনে পৰিপ্ৰেক্ষিতত ভাৰতে তালিবান সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰে সেইয়া বৰ্তমান স্পষ্ট নহয়। তালিবানৰ স্থিতি সন্দৰ্ভতো নজৰ ৰাখিছে ভাৰতে। পূৰ্বে মূল্লা ওমৰৰ নেতৃত্বাধীন তালিবান চৰকাৰক মান্যতা দিয়া নাছিল ভাৰতে। কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আফগানিস্তানৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতৰ সিদ্ধান্ত। ইয়াৰ বিপৰীতে তালিবানে ভাৰতৰ বিৰুদ্ধে প্ৰকৃত স্বৰূপ উদঙাইছে। আফগানিস্তানে ইতিমধ্যে ভাৰতৰ সৈতে আমদানি-ৰপ্তানিৰ ব্যৱস্থা বন্ধ কৰিছে। অন্যহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন, জামাৰ্নী, কাটাৰ, সংযুক্ত আৰৱ আমীৰশ্বাহীকে ধৰি বহু ৰাষ্ট্ৰই তালিবানৰ শাসনৰ বিৰোধীতা কৰিছে। বিভিন্ন দেশে ১২ আগষ্টত আলোচনাত মিলিত হৈ আফগানিস্তানৰ ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়া সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া সময়েহে নিৰ্ণয় কৰিব পৰৱৰ্তী সময়ত ভাৰত-আফগানিস্তানৰ সম্পৰ্কই কি পৰ্যায় লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ