যোৱা কেইবছৰমানৰ পৰা বৃক্কৰ লগত জড়িত ৰোগসমূহ যথেষ্ট বৃদ্ধি পাইছে। এই বৃদ্ধিৰ এটা প্ৰধান কাৰণ হৈছে দুৰ্বল খাদ্যাভ্যাস। বৃক্কৰ ক্ষতিৰ ফলত সমগ্ৰ শৰীৰত প্ৰভাৱ পৰে। বৃক্কৰ ক্ষতিৰ এটা প্ৰধান কাৰণ হ’ল ক্ৰিয়েটিনিনৰ মাত্ৰা হ্ৰাস। বৃক্কৰ বেছিভাগ ৰোগ ক্ৰিয়েটিনিনৰ মাত্ৰা অধিক বা কম হোৱাৰ বাবেই হয়। ক্ৰিয়েটিনিন কি, ইয়াৰ অৱনতি কিয়, ই কিমান বিপজ্জনক সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক।
দিল্লীৰ সফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ এইচ অ’ ডি ডাঃ হিমাংশু ভাৰ্মাই বুজাইছে যে, আজিকালি মানুহৰ কম বয়সতে বৃক্কৰ ৰোগ হয় ৷ ইয়াৰ এটা কাৰণ হ’ল ক্ৰিয়েটিনিনৰ মাত্ৰা অৱনতি ঘটে। ক্ৰিয়েটিনিন হৈছে শৰীৰৰ স্বাভাৱিক কাৰ্যৰ সময়ত উৎপন্ন হোৱা পেলনীয়া পদাৰ্থ আৰু তেজৰ মাধ্যমেৰে বৃক্কলৈ যায়। বৃক্কে ইয়াক ফিল্টাৰ কৰি তাৰ পিছত প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰে। শৰীৰত অত্যধিক ক্ৰিয়েটিনিনৰ মাত্ৰা থাকিলে স্বাস্থ্যৰ বাবে ভয়াৱহ বিপদৰ সৃষ্টি হয়। এই কাৰণেই ক্ৰিয়েটিনিনৰ মাত্ৰাক বৃক্কৰ কাৰ্য্যৰ গুৰুত্বপূৰ্ণ সূচক হিচাপে গণ্য কৰা হয়।
ক্ৰিয়েটিনিন কিয় বৃদ্ধি পায়?
ড° হিমাংশুৱে ইয়াৰ কেইবাটাও কাৰণ উল্লেখ কৰিছে। অতি কম পানী খোৱা, উচ্চ প্ৰটিনযুক্ত খাদ্য খোৱা, কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া, উচ্চ ৰক্তচাপ আদি সকলোবোৰেই শৰীৰৰ ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধিত অৰিহণা যোগাব পাৰে। ক্ৰিয়েটিনিনৰ মাত্ৰা বৃদ্ধি আৰু হ্ৰাস দুয়োটা স্বাস্থ্যকৰ নহয়। ক্ৰিয়েটিনিনৰ মাত্ৰা অধিক হ’লে বৃক্কৰ ওপৰত চাপ বৃদ্ধি হোৱাৰ ইংগিত পোৱা যায় আৰু ইয়াৰ বাবে তৎক্ষণাত মনোযোগ দিয়াৰ প্ৰয়োজন হয়। আনহাতে ক্ৰিয়েটিনিনৰ মাত্ৰা কম হ’লে বৃক্কৰ ক্ষতি হোৱাৰ ইংগিত পোৱা যায়। কিন্তু ক্ৰিয়েটিনিনৰ মাত্ৰা অধিক হ’লে অধিক বিপদজনক, আনহাতে ক্ৰিয়েটিনিনৰ মাত্ৰা কম হ’লে ইমান ক্ষতি নহয়। ইয়াৰ ফলত সঘনাই প্ৰস্ৰাৱ, প্ৰস্ৰাৱত ফেন আৰু ভৰিৰ পতা ফুলিব পাৰে।
স্বাভাৱিক মাত্ৰাৰ স্বাভাৱিক পৰিসৰ কিমান?
সাধাৰণতে ইয়াৰ মাত্ৰা ০.৭ৰ পৰা ১.৩ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত হ’ব লাগে যদিও বয়স, পেশীৰ ভৰ আৰু পৰীক্ষাগাৰৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ সামান্য ভিন্নতা থাকিব পাৰে।
বৃক্কৰ স্বাস্থ্যৰ বাবে কি কৰিব লাগে
- দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে, কমেও ৭ৰ পৰা ৮ গিলাচ
- নিমখ কম খাব, দিনটোত ৫ গ্ৰামতকৈ বেছি নহয়
- প্ৰ’টিন খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।
- দৈনিক ব্যায়াম কৰক
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















