অসম লাইভ২৪ঃ সাধাৰণতে ভূমিকম্প হ’লেই সামাজিক মাধ্যমত হৈ চৈ লাগে। আমাৰো অসমো ভূমিকম্পপ্ৰৱণ এলেকাৰ ভিতৰতেই আছে সেয়ে সঘনাই অসমত ভূমিকম্প হৈ থাকে। এই প্ৰাকৃতিক বিপৰ্যয়ৰ কাৰণে বহু মানুহৰ মৃত্যুও হয়। এইবাৰ এটা সংস্থাই বিশেষভাৱে তৈয়াৰ কৰিছে মানুহক সতৰ্ক কৰিব পৰা নতুন ফিচাৰ। ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ বাবে এই বিশেষ এলাৰ্ট চিষ্টেম তৈয়াৰ কৰিছে।
গুগলৰ নতুন ফিচাৰে কেনেতৈ কাম কৰিব?
সাধাৰণতে ভূমিকম্প হ’লে আমি ভূমিকম্পৰ তথ্য বিচাৰি বিশেষ এপত গৈ চাৰ্ছ কৰো। শেহতীয়াকৈ নেশ্ব্যনেল ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটি (NDMA) আৰু নেশ্ব্যনেল ছেছম’লজি চেণ্টাৰৰ সৈতে হাত মিলাই এণ্ড্ৰইড এলাৰ্ট চিষ্টেম আৰম্ভ কৰিছে গুগলে। সংস্থাৰ মতে ফোন কানেক্টেড আৰু চাৰ্জিং অৱস্থাত থাকিলেও ভূমিকম্পৰ প্ৰাথমিক কম্পন চিনাক্ত কৰিব পৰা যাব।
সূত্ৰৰ তথ্যমতে এই চিষ্টেমত গুগলৰ পৰা এলাৰ্ট আহিব ‘Be Aware’, ‘Take Action’। Be Aware এলাৰ্ট যদি আহে তেন্তে বুজিব যে কম্পনৰ মাত্ৰা কম। আৰু কম্পনৰ মাত্ৰা যদি 4.5+ বা তাতোকৈ বেছি হয় তেন্তে Take Action এলাৰ্ট আহিব। যাৰ অৰ্থ হৈছে সোনকালে সতৰ্ক হওক। ইয়াৰোপৰি ভূমিকম্পৰ কেন্দ্ৰস্থলো দাঙি ধৰিব গুগলে।
ব্যৱহাৰকাৰীসকলে কি কৰিব?
এই এলাৰ্ট লাভ কৰিবৰ বাবে আপোনাৰ ফোনৰ ছেটিংছত কেইটামান সাল সলনি কৰিব লাগিব। স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে কোনো ধৰণৰ ছেটিংছ সলোৱাৰ প্ৰয়োজন নাই। এণ্ড্ৰইজ ভাৰ্ছন ৫.০ বা তাতোকৈ বেছি ভাৰ্ছনৰ স্মাৰ্টফোনত অটমেটিক এই ছিষ্টেম এক্টিভ হ’ব। এই ছিষ্টেমে কাম কৰিবলৈ আপোনাৰ স্মাৰ্টফোনটো ইণ্টাৰনেটৰ সৈতে কানেক্টেড থাকিব লাগিব। ইয়াৰোপৰি আপোনাৰ ফোনৰ লোকেশ্ব্যনো অন থাকিব লাগিব। কাৰোবাৰ ফোনত যদি ভূমিকম্প এলাৰ্ট নামৰ অপশ্ব্যন থাকে তেন্তে সেই ছেটিংছ অন কৰক। গুগলে জনোৱা অনুসৰি এই এলাৰ্ট ফিচাৰ ভাৰতীয় সকলো আঞ্চলিক ভাষাতেই পোৱা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ