মূল্যবৃদ্ধিৰ বজাৰত কানাডাত জীৱনযাপন বেছ কঠিন হৈ পৰিছে৷ ঘৰ ভাড়া লোৱাটোও এতিয়া ডাঙৰ সমস্যা হৈ পৰিছে কানাডাত৷ এটা ঘৰ ভাড়াত লোৱা মানেই আপোনাৰ মোটা অংকৰ ধনৰ প্ৰয়োজন হয়৷ সেয়ে বিছনাৰ এটা কাষ ভাড়া দিছে মনিক জেৰেমিয়াই৷ ফেছবুকৰ মাৰ্কেটপ্লেছত বিছনাৰ এটা কাষ ভাড়ালৈ দিয়াৰ বিজ্ঞাপন দি নজৰ কাঢ়িছে নেটিজেনৰ৷ তাৰপাছতেই আৰম্ভ হৈছে চৰ্চা৷
৩৭ বছৰীয়া মনিকে এই ব্যৱসায় কভিড কালৰে পৰাই চলাই আহিছে৷ লকডাউনৰ সময়ত চাকৰি হেৰুৱাই চৰম আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছিল মনিক৷ তেওঁৰ তেতিয়া সদ্য ব্ৰেকআপো হৈছিল৷ আৰ্থিক সমস্যা দূৰ কৰা আৰু মানসিক কষ্ট পাহৰিবলৈ তেওঁ ঠিক কৰে যে তেওঁৰ কুইন ছাইজ বেড ভাড়ালৈ দিবলৈ মন মেলে৷ যেনে ভাৱনা, তেনে কাম৷ তাতেই জন্ম হয় হট বেডিঙৰ ধাৰণা৷
প্ৰতিমাহত ৯০০ কানাডিয়ান ডলাৰৰ বিনিময়ত মনিকে তেওঁৰ বিছনাৰ অৰ্ধেক অংশ ভাড়ালৈ দিয়ে৷ যাৰ দাম ভাৰতীয় মুল্যত প্ৰায় ৫৪ হাজাৰ টকা৷ বৰ্তমান মনিকৰ এই ব্যৱসায় ৰমৰমীয়াকৈ চলিছে৷ কভিড কালত আৰম্ভ কৰা হট বেডিঙৰ পৰাই মনিকৰ বৰ্তমান আয় প্ৰতি মাহত প্ৰায় ৫০ হাজাৰ ডলাৰ৷ যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২ লাখ টকা৷
বৰ্তমান মনিকৰ হট বেডিঙৰ ব্যৱসায় কিছু সলনি হৈছে৷ মনিকৰ কুইন ছাইড বেডৰ দুফালে দুজন অপৰিচিত ব্যক্তিয়ে একেলগে ভাড়া ল’ব পাৰে৷ যদি দুজনৰেই ইচ্ছা থাকে তেন্তে এজনে অন্যক সাবটিও শুব পাৰে৷ কিন্তু তাতকৈ বেছি কোনো সুবিধা ল’ব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















