নিজৰ ঘৰ কিনা বা ঘৰ বনোৱাৰ সপোন সকলোৰেই থাকে৷ সেই সপোন পূৰণৰ বাবে সকলোৱে দ্বাৰস্থ হয় বেংকৰ ওচৰত৷ ঘৰ কিনিবলৈ যি খৰচ সেই বিপুল পৰিমাণৰ টকা একলগ কৰা সম্ভৱ নহয়৷ এক নিৰ্দিষ্ট পৰিমাণৰ টকা ডাউন পেমেণ্ট দিয়াৰ প্ৰয়োজন হয়৷ ঘৰৰ বাবে ঋণ প্ৰদান কৰে বেংকে৷ কোনোৱে যদি এক কোটি টকাৰে এটা ঘৰ কিনিব বিচাৰে তেন্তে তেওঁৰ আৰ্থিক উপাৰ্জন কিমান হোৱাটো প্ৰয়োজন৷
কোটিটকীয়া ঘৰ কিনিবলৈ আপোনাৰ আয় কিমান হোৱাটো প্ৰয়োজন? এই ঘৰ কিনিবলৈ হোম লোন ল’লে সেই ক্ষেত্ৰত মাহিলী কিস্তি কিমান পৰিব? বেংকসমূহে সাধাৰণতে সম্পত্তিৰ মূল্যৰ ৮০শতাংশ পৰ্যন্ত ঋণ দিয়ে৷ আপুনি যদি এক কোটি টকাৰ এটা ঘৰ বা ফ্লেট কিনিব খোজে তেন্তে সেই ক্ষেত্ৰত বেংকে আপোনাক ৮০ লাখ টকাৰ ঋণ দিব৷ বাকী ২০ লাখ টকা আপুনি ডাউন পেমেণ্ট দিব লাগিব৷
কিন্তু এই ৮০ লাখ ঋণ কিমান দিনৰ ভিতৰত ঘূৰাব লাগিব? যিমান বেছি ঋণ ল’ব মাহিলী কিস্তিও সিমানে কমিব৷ ধৰা হ’ল ৩০ বছৰৰ বাবে আপুনি ঋণ লৈছে৷ বৰ্তমান হোম লোণত সুদৰ হাৰ ৮.৫শতাংশ৷ বজাৰৰ ওপৰত নিৰ্ভৰ কৰি সুদৰ হাৰৰ পৰিবৰ্তন হয়৷ অংকৰ হিচাপত আপুনি প্ৰতি মাহে কিস্তিৰ বাবদ দিব লাগিব ৬১৫০০ টকা৷
এই পৰিমাণৰ কিস্তি দিবলৈ আপুনি কিমান টকা আয় কৰিব লাগিব? আপুনি যাতে ঋণ পৰিশোধ কৰিব পাৰে তাৰ বাবে বেংকসমূহে সকলো সময়তে উপদেশ দিয়ে যে মাহিলী কিস্তি যেন কোনোকাৰণতেই আপোনাৰ মাহৰ আয়ৰ ৪০ৰ পৰা ৫০শতাংশতকৈ বেছি নহয়৷ এইবাৰ যদি ধৰি লোৱা হয় আপুনি আপোনাৰ মাহিলী আয়ৰ ৪০শতাংশ দি কিস্তি পৰিশোধ কৰিব৷ সেই ক্ষেত্ৰত আপোনাৰ মাহিলী আয় হ’ব লাগিব ১লাখ ৫৩ হাজাৰ ৭৫০ টকা৷ অৰ্থাৎ বাৰ্ষিক ১৮লাখ ৪৫ হাজাৰ টকা দৰমহা আপুনি পাব লাগিব৷ তেতিয়াহে ১ কোটি টকীয়া ঘৰ ক্ৰয়ৰ চিন্তা আপুনি কৰিব পাৰে৷
কেৱল ডাউন পেমেণ্ট অবিহনেও কিছু খৰচৰ কথা আপুনি মূৰত ৰাখিব লাগিব৷ যাৰ ভিতৰত অন্যতম ষ্টাম্প ডিউটি আৰু ৰেজিষ্ট্ৰেচনৰ খৰচ৷ ইয়াৰবাবে কোনো সম্পত্তিৰ মূল্যৰ ৬-৮শতাংশ খৰচ ধৰি ৰাখিব লাগিব৷ এই টকাটো আপোনাৰ পকেটৰ পৰাই খৰচ হব৷ ইয়াৰোপৰি আইনী খৰচ, সংৰক্ষণ, ঘৰ সজোৱা ইত্যাদি খৰচো আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ