২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূলৰ পৰাজয় আৰু বিজেপিৰ জয় একাধিক ৰাজনৈতিক, সাংগঠনিক আৰু মনস্তাত্ত্বিক কাৰণৰ ফল৷ সংক্ষেপে ৫টা মূল কাৰণ তলত তুলি ধৰা হৈছে৷
শক্তিশালী নেতৃত্ব আৰু মুখ
নৰেন্দ্ৰ মোদী আৰু ৰাজ্যস্তৰত বিজেপিৰ প্ৰভাৱশালী নেতৃত্ব এক ডাঙৰ ফেক্টৰ৷ স্পষ্ট নেতৃত্ব, আক্ৰমণাত্মক প্ৰচাৰ আৰু একক বাৰ্তা ভোটাৰৰ কাষলৈ সহজে লৈ যোৱা৷ অন্যহাতে তৃণমূলৰ ক্ষেত্ৰত নেতৃত্ব থাকিলেও বিৰোধী হিচাপে বিজেপি বেছি সংগঠিত আছিল৷ বিজেপিৰ কেন্দ্ৰীয় নেতাৰ মুখত বাৰে বাৰে উঠিছিল অনুপ্ৰৱেশৰ ইছ্যু৷ সেই ফেক্টৰেও ভোটবক্সত প্ৰভাৱ পেলাইছে বুলি ধাৰণা কৰিছে ৰাজনৈতিক মহলে৷
সংগঠনৰ বিস্তাৰ আৰু বুথ মেনেজমেণ্ট
বিজেপিয়ে গাওঁৰ পৰা চহৰ, সকলো স্থানতেই সংগঠন মজবুত কৰি ৰাখিছে৷ বুথ স্তৰত কৰ্মী মোতায়েন, ভোটাৰসকলৰ সৈতে পোনপটীয়া যোগাযোগ আৰু মাইক্ৰ মেনেজমেণ্টে তেওঁলোকক বৃহৎ সুবিধা দিছে৷ তৃণমূলৰ সংগঠনৰ কিছু ক্ষেত্ৰত ভাঙোন আৰু অসন্তোষে প্ৰভাৱ পেলাইছে৷
দুৰ্নীতিৰ ইছ্যু আৰু জন অসন্তোষ
শিক্ষক নিয়োগ, কয়লা, গৰু সৰবৰাহসহ একাধিক দুৰ্নীতিৰ অভিযোগে তৃণমূলৰ ভাৱমূৰ্তিত বৃহৎ আঘাত হানিছে৷ বিৰোধীয়ে এই ইছ্যুসমূহক সন্মুখলৈ আনি জনসাধাৰণৰ মনত ক্ষোভ তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰোপৰি আৰ জি কৰসহ একাধিক বৃহৎ অপৰাধৰ প্ৰমাণ দাঙি ধৰা হৈছে তৃণমূলৰ বিৰুদ্ধে৷ জনমানসত সেই ক্ষোভে ঠাই লৈছে৷ তাৰ প্ৰভাৱেই ভোটবক্সত পৰিছে বুলি ধাৰণা কৰিছে বহুজনে৷
মেৰুকৰণ আৰু পৰিচয়ৰ ৰাজনীতি
ধৰ্মীয় আৰু সামাজিক পৰিচয়ৰ ভিত্তিতে ভোটৰ মেৰুকৰণ বিজেপিৰ পক্ষত গৈছে৷ নিৰ্দিষ্ট ভোটবেংকক একত্ৰিত কৰাৰ কৌশল কাৰ্যকৰ হৈছে৷ তৃণমূলে এই মেৰুকৰণৰ বিপৰীত মন্তব্য কঠোৰভাৱে দিব পৰা নাই৷
কেন্দ্ৰীয় প্ৰকল্প আৰু ডাবল ইঞ্জিনৰ বাৰ্তা
কেন্দ্ৰ আৰু ৰাজ্যত একেই দলৰ চৰকাৰ থাকিলে উন্নয়ন দ্ৰুত হব এই ডাবল ইঞ্জিন তত্ত্ব বিজেপিয়ে প্ৰচাৰ কৰিছে৷ কেন্দ্ৰীয় প্ৰকল্পসমূহৰ সুবিধা পোনপটীয়াকৈ মানুহৰ কাষলৈ লৈ যোৱাৰ কথাই প্ৰভাৱ পেলাইছে নিৰ্বাচনত৷ ইয়াৰোপৰি তৃণমূল চৰকাৰৰ চলি থকা প্ৰকল্পসমূহৰ টকাৰ অংক ডাবল কৰাৰ প্ৰতিশ্ৰুতিও দিছে বিজেপিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















