মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে। ইয়াৰ ফলত পেটৰ বিষ, কঁকালৰ বিষ, পেট ফুলা, মূৰৰ বিষ, ভাগৰ, বমি বমি ভাব আৰু মেজাজৰ পৰিৱৰ্তন আদি সমস্যা হ’ব পাৰে। এই সময়ছোৱাত খাদ্যাভ্যাসৰ ওপৰতো গুৰুত্ব দিয়া উচিত। কিছুমান খাদ্য অত্যধিক পৰিমাণে খালে অস্বস্তি আৰু কিছুমান উপসৰ্গ বৃদ্ধি পাব পাৰে।
অত্যধিক নিমখীয়া খাদ্য
চিপছ, পেকেটজাত স্নেকছ, ইনষ্টেণ্ট নুডলছ আৰু অত্যধিক নিমখ দিয়া খাদ্য কমকৈ খোৱাই ভাল। বেছি ছ’ডিয়াম গ্ৰহণ কৰিলে শৰীৰত পানী জমা হৈ পেট ফুলা বা হাত-ভৰি গধুৰ অনুভৱ হ’ব পাৰে।
অত্যধিক মিঠা খাদ্য
চকলেট, কেক, মিঠাই, মিঠা পানীয় আদি অত্যধিক খালে তেজত শৰ্কৰাৰ মাত্ৰা দ্ৰুতভাৱে বৃদ্ধি-হ্ৰাস হ’ব পাৰে। ইয়াৰ ফলত ভাগৰ, মেজাজৰ পৰিৱৰ্তন বা অস্বস্তি অধিক অনুভৱ হ’ব পাৰে।
অধিক কেফেইনযুক্ত পানীয়
অত্যধিক চাহ, কফি, এনাৰ্জি ড্ৰিংক আদি গ্ৰহণ কৰাটো এৰাই চলা ভাল। কিছুমান লোকৰ ক্ষেত্ৰত বেছি কেফেইনে উদ্বেগ, টোপনিৰ সমস্যা, বুকু ধপধপ কৰা বা পেটৰ অস্বস্তি বৃদ্ধি কৰিব পাৰে।
অত্যধিক ভজা-পোৰা আৰু ফাষ্ট ফুড
পকোড়া, ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জা আদি অত্যধিক তেলযুক্ত খাদ্য নিয়মিতভাৱে খোৱাৰ পৰা বিৰত থকাই ভাল। এইবোৰে হজমৰ সমস্যা, পেট ফুলা বা অস্বস্তি বৃদ্ধি কৰিব পাৰে।
জ্বলা জাতীয় খাদ্য
মাহেকীয়াৰ সময়ত কিছুমান মহিলাৰ পেট সংবেদনশীল হৈ পৰে। এনে সময়ত অত্যধিক জলকীয়া-মছলা খালে গেছ, অম্লতা বা ডায়েৰিয়াৰ সমস্যা হ’ব পাৰে। সেয়ে নিজৰ শৰীৰৰ সহনশীলতা অনুসৰি জ্বলা-মছলা কমাই খোৱা ভাল।
অত্যাধিক প্ৰচেছড খাদ্য
চিপছ, ইনষ্টেণ্ট খাদ্য, প্ৰচেছড মাংস আৰু অধিক সংৰক্ষক থকা পেকেটজাত খাদ্যত সাধাৰণতে নিমখ, চেনি আৰু চৰ্বিৰ পৰিমাণ বেছি থাকিব পাৰে। মাহেকীয়াৰ সময়ত এনে খাদ্যৰ সলনি সতেজ আৰু পুষ্টিকৰ খাদ্য বাছি লোৱাটো উপকাৰী।
মিঠা পানীয়
ক’ল্ড ড্ৰিংক আৰু অত্যধিক মিঠা কাৰ্বনেটেড পানীয়ই পেট ফুলা বা গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ সলনি পৰ্যাপ্ত পানী, ডাবৰ পানী বা চেনি নথকা স্বাস্থ্যকৰ পানীয় গ্ৰহণ কৰিব পাৰি।
কি কি খাদ্য খাব পাৰে?
মাহেকীয়াৰ সময়ত সুষম খাদ্য খোৱাটো অধিক গুৰুত্বপূৰ্ণ। শাক-পাচলি, ফলমূল, দাইল, বাদাম, গাখীৰ বা দৈ, কণী, মাছ, কম চৰ্বিযুক্ত মাংস আৰু সম্পূৰ্ণ শস্য আদি খাদ্য তালিকাত ৰাখিব পাৰে। আইৰণযুক্ত খাদ্যও গুৰুত্বপূৰ্ণ, বিশেষকৈ মাহেকীয়াত অধিক ৰক্তক্ষৰণ হোৱা মহিলাৰ ক্ষেত্ৰত।
ইয়াৰ লগতে পৰ্যাপ্ত পানী খাব লাগে আৰু অতিপ্ৰচেছড খাদ্যৰ সলনি সতেজ খাদ্য বাছি ল’ব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















