• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

2 months ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

21 minutes ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

1 hour ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

2 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

3 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

4 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

7 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

আলোচনাৰ আশ্বাস চৰকাৰৰ

editor by editor
July 25, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ দিনীয়া অনশনৰ অন্তত শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ছোনম ৱাংচুকে মেদান্ত হাস্পতালত অনশনৰ অন্ত পেলায়। অৱশ্যে আন্দোলন শেষ কেতিয়া হব তাৰ কোনো নিশ্চয়তা অহা নাই। সূত্ৰসমূহে জনোৱা মতে, চৰকাৰে কিছুমান মূল দাবীৰ ওপৰত ইতিবাচক লক্ষণ দেখুৱাইছে লগতে অধিক আলোচনাৰ বাবে লিখিত আশ্বাস দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

আন্দোলনৰ ঘনিষ্ঠ সূত্ৰৰ মতে, ৱাংচুকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ফলত আন্দোলনৰ নেতৃত্বৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটিছিল। যন্তৰ মন্তৰত থকাৰ সময়ত প্ৰায় প্ৰতিটো ডাঙৰ সিদ্ধান্ততে তেওঁ প্ৰত্যক্ষ ভূমিকা পালন কৰিছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব লয় CJPৰ আঠজনীয়া নেতৃত্বৰ দলে। এই দলটোৱে কৌশল প্ৰণয়ন কৰিবলৈ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱক আৰু অংশীদাৰ সংস্থাসমূহৰ পৰা অহৰহ মতামত বিচাৰিছিল। ৱাংচুকৰ পত্নী গীতাঞ্জলিক মূল সিদ্ধান্তৰ বিষয়ে অৱগত কৰি ৰখা হৈছিল যদিও দৈনন্দিন সিদ্ধান্তসমূহ আঠজনীয়া নেতৃত্বৰ দলটোৱে লৈছিল।

সূত্ৰ অনুসৰি আন্দোলনৰ লগত জড়িত ছাত্ৰ সংগঠন বিশেষকৈ আইছাক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি ৰখা হৈছিল আৰু বহু বিষয়ত তেওঁলোকৰ মতামত বিচৰা হৈছিল। অৱশ্যে CJPৰ মূল দলটোৱে চূড়ান্ত সিদ্ধান্তসমূহ গ্ৰহণ কৰি আহিছে। ইফালে ৱাংচুকক ৰখা চিকিৎসালয়খনত ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰে। এদিন পূৰ্বে আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিং আৰু RJDৰ সাংসদ সঞ্জয় যাদৱকে ধৰি কেইবাজনো বিৰোধী সাংসদৰ প্ৰতিনিধি দলে ৱাংচুকক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে তেওঁলোকক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে। ইয়াৰ পিছতে তেওঁলোকে পত্নী গীতাঞ্জলি আংমোৰ হাতত অনশন শেষ কৰিবলৈ আহ্বান জনাই এখন চিঠি দিয়ে।

ইয়াৰ পিছতে ১৯ জন সাংসদৰ স্বাক্ষৰিত এখন পত্ৰ লৈ কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ বিবেক তংখা, চি পি আই (এম)ৰ সাংসদ জন ব্ৰিটাছ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সাগৰিকা ঘোষে চিকিৎসালয়ত উপস্থিত হয়। সূত্ৰসমূহে জনোৱা মতে, সমগ্ৰ সময়ছোৱাত বিবেক তংখাই সক্ৰিয় পদক্ষেপ লৈ ৱাংচুকক ছফদাৰজং হাস্পতালৰ পৰা মেদান্ত হাস্পতাললৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আলোচনাৰ আশ্বাস চৰকাৰৰ

কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৰ সৈতে বাৰ্তালাপ কৰি আন্দোলনৰ দাবীৰ ভিত্তিত চৰকাৰে ইতিবাচকভাৱে আগবাঢ়ি যোৱাৰ মনস্থ কৰিছে বুলি আশ্বাস দিয়ে। শুকুৰবাৰে জীতেন্দ্ৰ সিং আৰু জে পি নাড্ডাই ব্যক্তিগতভাৱে মেদান্ত চিকিৎসালয়ত উপস্থিত হৈ ৱাংচুকক এখন লিখিত চৰকাৰী আশ্বাস পত্ৰ প্ৰদান কৰে, য’ত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ আশ্বাস দিয়া হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, সুস্থ হ’বলৈ ছোনম ৱাংচুক আৰু কিছু দিন হাস্পতালতে থাকিব। ইফালে দিল্লীৰ যন্তৰ মন্তৰত CJPৰ মূল দলটোৱে আন্দোলনৰ নেতৃত্বত থাকিব। আজি চৰকাৰ আৰু CJPৰ মাজত দ্বিতীয় ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হ’ব আৰু বাকী থকা দাবীসমূহৰ ওপৰত অধিক আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestsonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
Next Post
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.